পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাধু কথাৰ জোলোঙা।

গুণ জোৰাদি, কই কই যুহাই ফুৰিবলৈ ধৰিলে। আৰু মনৰ আনন্দত পণ্ডিত মহাশয়ক আকৌ ৰুপ একুৰি ভেটি দিলেগৈ। কাৰণ ধোবাৰ আৰু এতিয়া ৰুপৰ কোনো চিন্তা নাই; কিয়নো তাৰ গাধা হাকিম আছে নহয়!! যেতিয়াই ৰুপৰ দৰকাৰ হব তাৰ গাধা হাকিমৰ পৰা লই আহিবগৈ!!

 শেহত এনে হল যে সৰু সৰু লৰায়ো হাকিম জনক দেখিলে আঙুলিয়াই কবলৈ ধৰিলে “সোটো ধোবাৰ গাধা আছিল—এতিয়া হাকিম হইছে!!” ইত্যাদি।

 ক্ৰমে এইবোৰ কথা হাকিমৰ কান পালেগৈ। হাকিমে বৰ লাজ পাবলৈ ধৰিলে আৰু এইবিলাক কেলেঙ্কাৰী বন্ধ কৰিবৰ নানা উপায় চিন্তিবলৈ ধৰিলে। কিন্তু কেলেঙ্কাৰী বন্ধ কৰিবৰ তেওঁৰ আন সকলো উপায় বিফল হোৱাত অৱশেষত উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰি পণ্ডিত আৰু ধোবাৰ ওপৰত ফৌজদাৰী মকৰ্দ্দমা কৰিব লগিয়াত পৰিল। পণ্ডিতৰ তিনি বছৰ আৰু ধোবাৰ এবছৰ ফাটেক হল। অলপ দিনৰ পাছতে কিবা এটা ছেলু লই হাকিম জনেও দৰ্খাস্ত দি অইন জিলালৈ বদলি হই গুচি গল।

⸺⸺