পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
গাধা কিলাই মানুহ কৰা।

তেওঁ ধোবাৰ পৰা গোটেই খিনি কথা উলিয়ালে। হাকিম জন বৰ উদাৰ আৰু দয়ালু প্ৰকৃতিৰ মানুহ আছিল। সকলো খিনি শুনি ধোবাৰ মূৰ্খামিলৈ চাই তেওঁৰ বৰ হাঁহি উঠিল আৰু তালৈ মৰম লাগিল। কিন্তু পণ্ডিতৰ ওপৰত তেওঁৰ বৰ খঙ উঠিল। তেওঁ ধোবক এ’শ ৰুপ দি তাক এইবোৰ কথা কতো নুলিয়াবলৈ কই বিদায় দিলে। ধোৰাই ৰুপ লই বিদায় হল। কিন্তু পেটে পেটে ভাবি গল ‘ই হেজাৰ কক, মই কেতিয়াও নপতিয়াওঁ। ই নিশ্চয় মোৰ গাধাটোৱেই, নহলে মোক ৰুপ দিব কিয়?” ইত্যাদি।

 ইয়াতে কোৱা উচিত যে হাকিম জন সৰুতে বৰ দুষ্ট আছিল। পঢ়া নোৱাৰা বাবে মাষ্টৰৰ হাতত তেওঁ বৰ মাৰ খাইছিল। সেই সময়ত স্কুলৰ সকলোৰে আগত তেওঁ “গাধা” নামে খ্যাত আছিল। সেই বাবেহে ধোবাই তেওঁৰ আগত “আপুনি আগৈয়ে গাধা আছিল নহয়” এই কথাষাৰ কোৱা মাত্ৰেই “চুপ চুপ” বুলি তাক তেওঁ মনে মনে থাকিবলৈ কৈছিল। তেওঁ ভাবিছিল “ই মোক সৰু কালত চিনি পোৱা কোনো মানুহ হব পায়।” ইয়াকে ভাবিহে তেওঁ নিৰলে কথা সুধিবলৈ ধোবাক ঘৰলৈ মাতি নিছিল।

 সি যি কি নহক ধোবাই কিন্তু ৰুপ শ’ দেখুৱাই সকলো মানুহৰ আগতে তাৰ গাধা হাকিমৰ ইতিবৃত্ত, দহ