পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাধা কিলাই মানুহ কৰা।

নো কি বৰ টান কথা? এতিয়া মাথোন, মোক আপুনি দেখুৱাই দিয়ক, মোৰ গাধাগৈ কোনজন হাকিম হইছে। মই তাৰ পুৰণা পঘা আৰু টাঙোন তাক যেই-সেই উপায়েৰে দেখুৱাইহে এৰিম।”

 পণ্ডিতৰ ভাগ্যক্ৰমে সেই সময়তে এজন ন-হাকিম সেই জিলালৈ ন-কৈ বদলি হই আহিছিল। পণ্ডিতে ধোবাক লগত লই, কছাৰি ঘৰলৈ গই, সেই জনকে তাৰ পূৰ্ব্বৰ গাধ বুলি মনে মনে দেখুৱাই দি গুচি আহিল! কিন্তু আহিবৰ বেলিকা কই আহিলে—“সাৱধান! অইনে বুজ নোপোৱাকৈ পঘা টাঙোন দেখুৱাবি। নইলে মোৰ মন্ত্ৰ তোৰ গালৈকে উভতিব। আৰু তই মানুহ গুচি গাধাৰ আকাৰ হবি।” ধোবায় পণ্ডিতৰ কথামতে বৰ সাৱধান হই কাম কৰিবলৈ ধৰিলে, কিন্তু তাৰ গাধ গই এনে এজন ডাঙৰ হাকিম হব পাৰিছে ভাবি গপত ওফন্দি পৰিল।

 ঘৰলৈ গই সি বেগেতাই পঘা আৰু টাঙোন লই আহিলগৈ। এখন হাতে পঘা আৰু আনখন হাতে টাঙোন লই ওৰে দিনটো সি কছাৰি ঘৰত ঘূৰি ফুৰিলে, কিন্তু অইনে বুজ নোপোৱাকৈ হাকিমক পঘা-টাঙোন দেখুৱাবৰ ছল নেপালে৷ “পাছত কছাৰি ভাগিলে ছল পাম” বুলি আশা কৰি তাতে খাপ লই থাকিলে, কিন্তু কছাৰি ভগা মাত্ৰকে হাকিমে “বাইচিকেল” গাড়ীত উঠি

সাউৎ কৰে গুচি গলগৈ। ধোবাই পঘা-টাঙোন দেখুৱাবৰ