পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধু কথাৰ জোলোঙা!

মোৰ মনে নধৰে। কিয়নো, তোৰ গাধা যেনে তেনে মানুহ হোৱা নাই। সি কছাৰি ঘৰৰ বৰ ডাঙৰ এজন হাকিম হলগৈ। এতিয়া তইও তাক চিনিব নোৱাৰিবি, সিও তোক চিনিব নোৱাৰিব।”

 তাৰ গাধ মানুই হই “হাকিম” হোৱা শুনি, ধোবাৰ ৰঙে কুলাইপাছি নধৰা হল। সি পণ্ডিতক হাতে ভৰিয়ে ধৰি, কাবৌ কাকুতি কৰি কবলৈ ধৰিলে—“দেউতা, যেনেকৈ পাৰে, এটা দিহা দিয়ক যাতে মোৰ গাধায় আকৌ মোক চিনি পায়। গাধাটোৰ নিমিত্তে মোৰ বহুত খৰছ হইছে। কিন্তু এতিয়া সি হাকিম হই মোক চিনি পালে, সেইবোৰ ক্ষতি সম্পূৰ্ণৰূপে পূৰণ হব। মোৰ গাধটো মানুহ হই মোৰ এটা গাধা ৰখিয়া হব বুলিহে জানিছিলোঁ। সি এনে ডাঙৰ হাকিম হবগৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ৷”

 চিনি পাবৰ দিহা উলিয়াবৰ নিমিত্তে ধোবায় পণ্ডিতক আকৌ একুৰিমান ৰুপ দিলে। তেতিয়া পণ্ডিতে কলে— “চিনি পায়নে নেপায় মই ঠিককৈ কব নোৱাৰোঁ৷ কিন্তু তই চেষ্টা কৰি চাব পাৰ। যি দাল পঘাৰে তাক সদাই বান্ধিছিলি সেই দাল পঘা, আৰু যি দাল টাঙোনেৰে তাক সদাই টঙনিয়াইছিলি সেই দাল টাঙোন, যদি তাক ভালকৈ দেখুৱাব পাৰ, তেনেহলে, মই বোধ কৰোঁ, সি তোক চিনি পাব পাৰিব।” তেতিয়া ধোবাই কলে—“সেইটো