পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাধা কিলাই মানুহ কৰা।

গাধটো কিন্তু কোনোৰুপে মানুহ হবই লাগে।” পণ্ডিত মহাশয়ৰ প্ৰথম বুধিটো নফলিয়ালে। পণ্ডিতে তেতিয়া দ্বিতীয় বুধিত ধৰিলে আৰু ধোবাক কলে—“বাৰু, তই এতিয়া গাধটো থই যা। কেইদিনমানৰ ভিতৰত মই তাক মানুহ কৰি পেলাম। তেতিয়া তই আহিবি।” পণ্ডিতৰ কথা মতে ধোবা গুচি গল। পণ্ডিতেও ধোবা খেদাবৰ আন ভাল উপায় চিন্তা কৰিবলৈ ধৰিলে।

 ধোবায় গাধ থই গুচি যাবৰ অলপ পৰ পাছতে কৰবাৰ দূৰৈ দেশৰ মানুহ এটা আহি পণ্ডিতৰ ঘৰত আলহি চাপিলহি আৰু তেওঁৰ ঘৰত থকা গাধটো দেখি তাক কিনিবৰ নিমিত্তে বৰ আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে। পণ্ডিতে সৰহ দাম আদায় কৰিবৰ মনেৰে প্ৰথমতে ভালেমান নুই নাই কৰি দেখুৱালে। কিন্তু যেতিয়া দেখিলে, আলহীয়ে দামত আগ বাঢ়িবলৈ আৰু অকনো বাকী থোৱা নাই তেতিয়া শেহত বেচিবলৈ মান্তি হল। আলহীয়ে গাধা লই গুচি গল।

 ইয়াৰ কেইদিনমানৰ পাছত ধোবা পণ্ডিতৰ ঘৰ ওলালহি আৰু গাধটো মানুহ হল নে নাই হোৱা সুধিলে। পণ্ডিতে কলে “মানুহ হল। কিন্তু তই তাক এতিয়া চিনি পাবি জানোঁ?” ধোবায় মাত লগালে—“কিয়? মই চিনি নেপাবলৈ কি হইছে? মোৰ গাধ মই চিনি নেপাম কিয়?” তেতিয়া পণ্ডিতে কলে—“চিনিব পাৰিবি বুলি