তোমা-আমাক ভেটী কোনোবাই মুখখন চাই দিবহি। লঘোনে-ভোকে থাকি
আউনীআটিত শপত খাই কব পাৰি, তুমি ভেটী খাবলৈ পোৱাহেঁতেন ভেটী
খোৱাৰ বিৰুদ্ধে তোমাৰ চন্দ্ৰমুখ ফেৰা নিশ্চয় গজালি থলাহেঁতেন! আৰু
কৈছা, “ডাঙৰীয়াই বেটী-বন্দী চাকৰ-নাকৰক দৰমহা নিদিয়ে। সিহঁতে
দৰমহা খুজিলে, চোতালত শুকাবলৈ মেলি দিয়া কাঠ-খৰি লৈ, সিহঁতক
দৰমহাৰ সলনি প্ৰহাৰ দিয়ে।” প্ৰহাৰ দিবতো : দৰমহা নিদিবতো; ডাঙৰীয়াৰ
হাতৰ মাৰ খোৱাটো যে সিহঁতৰ পক্ষে সৌভাগ্যৰ কথা, সেইটো গৰুহঁতে
কেতিয়াও নুবুজে দেখিহে! মুৰ্খহঁতেনো ডাঙৰীয়াৰ পৰা দৰমহা বিচাৰে
কিয়? বৰ লোকক দিয়েনে নাই বৰ লোকৰ পৰা নিয়ে? ডাঙৰীয়া জ্ঞানী
লোক, জানি শুনিয়েই তেওঁ চাকৰহঁতক দৰমহা নিদিয়ে। ব্ৰহ্মস্ব নিবলৈ দি
ৰৌ-ৰৌ নৰকত ডাঙৰীয়াই সিহঁতক পেলাই মাৰিলেই তুমি সন্তুষ্ট? হাড়
মূৰ ভাঙি লগুৱালি কৰাৰ পুৰস্কাৰ শেষত সিহঁতক ডাঙৰীয়াই এইটোকে
দিয়ক আৰু কি! তোমাৰ বুদ্ধিটো মেমেৰা হৈ যাব লাগিছে, তাৰ গুৰিত
সাৰ-জাবৰ দিব লগীয়া হলহি দেখিছোঁ।
ঘৰে ঘৰে ডাঙৰীয়াই জলপান চেলেকি ফুৰা বাবে জগৰ লাগিল?
আহা! কি জগৰটোকেই বিচাৰি পালেহি একা। যাৰ পাই তাৰে ঘৰত
জলপান চেলেকি ফুৰি কত তপস্যাৰ ফলত পোৱা ব্ৰাহ্মণৰ জাতটো নিয়ালেই
তোমালোকৰ মনত সুখ। ৺গুৰুজনে বৰগীতত বান্ধি থোৱা কথাটো ঠিক
টং কৰিলেই বুজিব পাৰিবা। “কত তপস্যাই, নৰতনু পাই, বিকাইলোঁ
কাঞ্চন মোলে।” তোমালোকৰ মতি গতি ঘোৰ কলিয়ে গ্ৰাস কৰিলে। বাৰু
তুমি আমাক এই কথাটোৰ সমিধান দিয়াচোন, ডাঙৰীয়াৰ জোৰৰ-ফেৰৰ
কোন মানুহ আছে যে তাৰ ঘৰত গৈ তেওঁ জলপান খাব পাৰে?
আৰু ডাঙৰীয়াৰ এটা দুটা যি দোষৰ কথা কৈছা, তাৰ বিষয়ে তোমাক
চমুকৈ কৈ থওঁ। কীৰ্ত্তনত আছে, “সৰ্ব্ব ভক্ষ বহ্নি সবাকো শোষে; তাঙ্ক
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সাধু-কথাৰ কুকি