হৈ থকা ডাঙৰীয়াৰ শুভদৰ্শন আমাৰ অদৃষ্টত কেইবা দিনো ঘটিছে; কিন্তু
নিন্দকবিলাকে যে কয় “ভেমপুৰীয়া মৌজাদাৰে বৰচাহাবৰ ছাপৰাচীৰ আগত
হাত যোৰকৈ কথা কয় এই কাম আমি হলে আপোন চকুৰে দেখা নাই।
মিছাকৈ পৰৰ বেয়াটো আমি কেতিয়াও নকওঁ।
মৌজাদাৰ ডাঙৰীয়া শুদা শক্তিৰ লোক নহয়। মহাপুৰুষ সদ্ব্ৰাহ্মণ।
তেওঁ পাহ ৰাখি মূৰ খুৰাই ৰঙাচন্দনৰ ফোট লয়; দাৰিগোফ নেৰাখে;
লোকৰ হোকাত ধপাত নোহোপে। তিনি সন্ধ্যা পূজা আহ্ণিক নিয়ম মতে
কৰে; লোকৰ ঘৰত কেতিয়াও শৰাধে বিয়ায় জলপান এটাও নেখায়;
মানুহক শপত খুৱাব লাগিলে নিজৰ গালৈ চোৱাই বা আপোনাৰ খৰম চুবলৈ
কৈ শপত খুৱায়; দুৰ্গা পূজাত আৰু কালী পূজাত নিজ হাতে ছাগলী কাটে,
বা আগত থিয় দি থাকি লোকৰ হতুৱাই কটাই তাৰ তেজৰ ফোটেৰে নিজৰ
বহল কপাল শুৱনী কৰে; মুখেৰে দিনে ৰাতিয়ে ‘মা কালী ’‘জয় দুৰ্গা’
কৰি থাকে; আন কি শিৱৰাত্ৰিত ভাঙৰ মিঠৈ আৰু বিয়াৰ দিনা ঘোটা
খাই ডাঙৰীয়াই বলিয়া হৈ গাৰ কাপোৰ-কানি খহাই থোৱাও দেখা গৈছে।
ইমানতো তোমাৰ সন্দেহ আছেনে যে আমাৰ ডাঙৰীয়া সদ্ব্ৰাহ্মণ আৰু
মহাপুৰুষ? আছে যদি কোৱা, তোমাৰ মুখ একেবাৰেই মাৰি থবৰ দিহা
কৰোঁ। ডাঙৰীয়া অমুক বৰুৱাৰ ঘৰৰ শিৰ ফুটা প্ৰাচীন বংশৰ লোক।
ডাঙৰীয়াৰ বংশত কৈ অসমত কোনো ডাঙৰ বংশ নাই; ডাঙৰীয়াই নিজ মুখ
পদ্মৰেই এই কথা অনুগ্ৰহকৈ দিনটোত সহস্ৰবাৰ তেওঁৰ অনুগত লোক-
সকলৰ আগত কৈ থাকে। এনেস্থলত তোমাৰ সন্দেহ কৰিবৰ কি কাৰণ
থাকিব পাৰে আমি দেখোন ক্ষুদ্ৰ বুদ্ধিৰে তাক ঢুকি নেপাওঁ। অবুজনক
বুজাবলৈ আৰু ঢেৰুৱাৰ ঠাৰি সিজাবলৈ আমি গাত লব নোৱাৰোঁ তেহেলৈ
তুমি যিহকে মন যায় কোৱাঁ। “ডাঙৰীয়াই ভেটিখায়”! খাবটো
ডাঙৰলোেকে ভেটী নেখাই তুমি আমি ছাল-ছিগা ভিকহুৱে ভেটী খামনে?
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
ভেমপুৰীয়া মৌজাদাৰ