পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
ভেমপুৰীয়া মৌজাদাৰ


শুনিলেই তেওঁৰ পেটটোলৈ সকলোৰে মনত পৰা হল। তৰাং পানীত পিঠীয়া মাছৰ পিঠি ওলাই পৰাদি সোনকালে কাছাৰী ঘৰত ডাঙৰীয়াৰ পিঠি ওলাই পৰিল। বৰচাহাবৰ বৰ চকু ডাঙৰীয়াৰ ওপৰত পৰিল; আৰু তাৰ ফলস্বৰূপে তেওঁ মহাপেচখানাৰ পৰা ওলাই ভেমপুৰীয়া মৌজাদাৰৰ বিষয়খন পালে। কি ‘গেৰ গেৰি {Gregory} কি “খিলিপ্,” { philip }, কি “কম্বল” { Campbell }, কি লেমটেম” (Lamb) চাহাব, ডাঙীয়াই এদিন বা দুদিন তেওঁক লগ পালেই হল, টুপুৱ কৰে ডাঙৰীয়াই হজুৰৰ বৰ খাতনীয়াৰ হৈ পৰিল। আমি কওঁ, ডাঙৰীয়াৰ ৰাশিটো কিছু বলী; জহৰমহৰ ডোখৰৰ আগত ফেটী সাপৰ ফেটটো যেনেকৈ দোঁ খায়, আমাৰ ডাঙৰীয়াৰ আগতো ওপৰত কোৱা চাহাবসকলৰ হেটটো বা ফেটটো তেনেকৈ দো থাই পৰে। কিন্তু নিন্দক বিলাকে ইয়াৰ ব্যাখ্য বেলেগ প্ৰকাৰে কৰে। সিহঁতে কয়, ডাঙৰীয়াৰ প্ৰাতঃসন্ধ্যা, একাদশী-আউসীত খতি হলেও,পুৱা গধূলি বৰচাহবক চালাম খতি নহয়। এদিন হেনো বৰচাহাব পুৱা ফুৰি আহি চাকৰক বুটজোতা সোলোকাই দিবলৈ কওঁতে আমাৰ ডাঙৰীয়া আগতে অছিল; চাহাবৰ চাকৰ আহি পাওঁতে নৌপাওঁতেই ডাঙৰীয়াই টপৰাই বহি বুট সোলোকাই দিলে। চাহাবৰ চাকৰ বিলাকৰ মুখ তলি ফুটা নে কি কব নোৱাৰি, ফুটা মাটিকলহৰপৰা পানী বোৱাদি সিহঁতৰ মুখৰপৰা এই কথাটোও বৈ ওলাই পৰিবলৈ বৰ পলম নেলাগিল। সি যি হওক, এদিনৰ এই ক্ষুদ্ৰ ঘটনা এটাৰ পৰা লম্বোদৰ শৰ্ম্মা বৰুৱা ভেমপুৰীয়া মৌজাদাৰ ডাঙৰীয়াৰ গাৰপৰা সাত পুৰুষীয়া মানৰ গোবৰ-মাটিৰ লেওটো খহি পৰাটো সম্ভৱ নহয়। ডাঙৰীয়া পাবত-গজা লোক নহয়। শাস্ত্ৰত কৈছে, মৃগ মীন আৰু সাধুলোক সকলৰ দ্ব্যবি ভোম আৰু খল বিলাক নিস্কাৰণ বৈৰি। এতিয়াও এই মৃগপহু ডাঙৰীয়াৰ বিনাকাৰনতে হোৱা বৈৰিৰ আটক নাই। হৰিনাৰ মাংসই বৈৰি,আমাৰ ডাঙৰীয়াৰো বৰপেটটোৱেই যে বৈৰি ই কথা