“টোপনি অহাৰ অব্যৰ্থ ঔষধ” নাম দি এই বুধিটো বাতৰি কাকতত
জাননী দি দিওঁ বুলি কেইবা বাৰো গভীৰ ভাৱে ভাবিছিলো
কাৰ্য্যবশতঃ সি জানিবা হৈ নুঠিল, গতিকে মোৰ জাননীৰ খৰচৰ
পইচা কেটাও ৰাহি হল। কিতাপ জপাই,চাকিটো নুমাই আকৌ
একাগ্ৰচিত্তে টোপনিৰ তপস্যাত লাগি গলো। ঘড়ীত টংটং কৰে তিনি
বাজিল। অনেক ভাবনা-ডাকিনী চিন্তা-যোগিনী আহিল, কিন্তু টোপনি
দেবী নাহিল। এই পৃথিবীৰ ওপৰত বৰ বিৰক্তি ধৰিলে। ভাবিলো
এই পৃথিবীত সুখৰ লেশমাত্ৰ নাই; যিমান শীঘ্ৰে এই দুখৰ পৃথিবী
এৰি যোৱা যায় সিমান মঙ্গল। আজি কালিৰ আমি উঠি অহা ডেকাই।
যতে যিহতে, আপোন দোষতে বা পৰৰ দোষতে, ঠেকা খাওঁ, বিৰ-
ক্তিটো ধৰেহি এই পৃথিবীখনৰ ওপৰত। ওপৰ-চকুৱা হৈ বাটত উজুটি
খাই আমাৰ আঙ্গুলি আগ ছিগিলি, জগৰ লাগিল এই পৃথিবীৰ গাত।
আমাৰ পিঠী-ঢেকিত মহে খালে, ফৰ্ ফৰনি উঠিল আহি এই উড়াল
পৃথিবীৰ গাত। আকাশৰ তৰাটো হাত মেলি ঢুকি নেপালো, দায় পৰিল
এই পৃথিবীৰ গাত। খৰি ভাৰীৰ লৰা বা খৰি-ভাৰী হৈ ৰজাৰ জীয়ৰীক
বিয়া কৰাবৰ মন গৈছিল, কৰাব নোৱাৰিলো, দোষ দিলো এই
ঘূৰণীয়া পৃথিবীৰ গাত, আৰু ৰাজ-কন্যাৰ উদ্দেশ্যে আত্মহত্যা
কৰি এই পৃথিবীৰ ওপৰত খং সাৰিলো! এই প্ৰচলিত প্ৰথা অনুসৰণ
কৰি মোৰে টোপনি নহা বাবে এই পৃথিবীৰ ওপৰত বিৰক্ত ধৰাটো
অযুক্তিসঙ্গত নহয়। ভাবিলো এনেকুৱা এখন ঠাইলৈ যাব নোৱাৰি নে য’ত
এই নিষ্ঠুৰ টোপনিৰ ভৰিত তেল-তেঙা নঘঁহাকৈ কাল কটাই থাকিব পাৰি
এনে ঠাই স্বৰ্গৰ বাহিৰে এই পৃথিবীত কত? আহা আজিয়েই মোক
স্বৰ্গলৈ কোন গোসাঁয়ে লৈ যাব। ইত্যাদি কিবা আগ গুৰি নথকা কথা ভাবি
থাকোঁতেই, কব নোৱাৰোঁ, কেতিয়া কলা,মলাকৈ মোৰ টোপনি আহিল।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
স্বৰ্গাৰোহণ