অৱশ্যে গীতটোৰ সুৰটো কাকতত প্ৰকাশ কৰিবৰ উপায় নাই। সি
সাৰঙ্গো নহয়, গৌৰীও নহয়, সুহাইও নহয়, ধনশ্ৰীও নহয়, যে ইয়াত লেখি
নিও, গায়ন পাঠকে ধৰি টানি দিয়ক। সি সাত ৰাগ ছত্ৰিশ ৰাগিণীৰ
বাপৰো বাজ কুলৰো বাজ। সি বনৰীয়া কোলৰ বনৰীয়া সুৰ। গীতটোৰ
শেহৰ ফাকি এধাডুখৰীয়াকৈয়ে এৰি জুন্জুনীয়ে মাত লগালে। “সখি
কি হল হে তোমাৰ? আমন-জিমনকৈ বহি কি ভাবিব লাগিছা?”
জুমুৰী - “কি ভাবিম দেও হে, এনেয়েহে আছো বহি।”
জুন্জুনী – “যোৱাহে, এনেই মানুহে এনেকৈ বহি থাকে? মোৰে
শপত কোৱাঁ কি ভাবিছা? হাঁহি আহিছিলো, কিন্তু তোমাৰ বেজাৰ
মুখৰ তপত ভাপ লাগি মোৰ হাঁহিটো জয় পৰি গল।”
জুমুৰী-“আৰু কি ভাবিম, ইয়াকে ভাবিছিলো, বোলো, পশুইলৈ
মাঘপৰব; মোৰ ভৰি উকা।”
জুন্জুনী:-“তোমাৰ ভৰি কিয় উকা হবলৈ দিম। বাপেৰাই কি কয়?”
জুমুৰী-বোপায়ে কি কব, তেওঁ কৰ পৰাইবা দিব? মই তেওঁক
কমেই বা কিয়? সিদিনা ৰজাৰ খাজনাৰ বাবে কি হৈছিল নেদেখিছিলা।
জুন্জুনী-“নেপুৰ এজোৰত কিমান বেচ লব?
জুমুৰী—“নোৱাৰো কৰ দেওহে, মই কেতিয়াবা কিনিছোঁ জানো?”
জুন্জুনী-“মোৰ হাতত আঠোটা পয়চা আছে; খৰি বেচি এটা
এটাকৈ গোটাইছিলো। তাৰে যদি এজোৰ পায়, বলা সেই নেপুৰ বেচা
দোকান খনলৈ যাওঁ।
জুমুৰী-“এনে কথা কেলেই কোৱাঁ দেওহে, তোমাৰ দুখৰ বিতফেৰা
ভাঙ্গিবলৈ মোৰ কি হৈছে।”
জুন্জুনী- মই তোমাক ধাৰেহে দিছোঁ; কি হল খৰচ কৰিলা। মানুহে
জানো ধাৰ নকৰে; ৰজাৰপৰা প্ৰজালৈকে সকলোৱে ধাৰ কৰে। বলা বলা।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৮৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সাধু-কথাৰ কুকি