৮০
সাধুকথাৰ কুকি
ভিখৰাজ -“তােমাক ভাল বুধি দিওঁ শুনিবানে?”
শিৱপ্ৰসাদ—“বুধিটো দিয়াৰ আগেয়ে আৰু এফৰা মােক গুড় দিয়া।”
ভিখৰাজ—“হােৱা, নিয়া ভাই, এইয়া গুড়।”
শিৱপ্ৰসাদ – “কি বুধি দিবা কোৱাঁ ?”
ভিখৰাজ-“তোমাৰ তিৰোতাজনী এৰিব খুজিছা যদি এনেই এৰিবা,
কিয়, গোটাচেৰেক টকাৰ উপায় নকৰা কিয়?”
শিৱপ্ৰসাদ--“কি টকাৰ উপায় কৰিম ?”
ভিখৰাজ—“তােমাৰ ঘৈণীয়েৰাক আচান্সোললৈ লৈ বলা, মইও যাওঁ,
তাত কুলিৰ ডিপো আছে। তাতে বেচি থৈ গোটাচেৰেক টকা লৈ
ঘৰলৈ নোযোৱা কিয়?”
শিৱপ্ৰসাদ - “কথাটো হওঁতে বেছ কৈছা, কিন্তু কিয় তাই
আচান্সোললৈ যাব ?”
ভিখৰাজ- “কিয় নেযাব। তাৰ বুধি আছে। তুমি তাইক কোৱাঁগৈ
যে,‘বল আমি দুয়ো আসামলৈ যাওঁহঁক, তাত আমাৰ দুইৰাে ভাল চাকৰীৰ
দিহা কৰিছোঁ। টকাকড়ি ঘটি আমি তাত সুখেৰে থাকিব পাৰিম।
ইয়াত দুখত থাকি কি কৰিমহঁক।” এই বুলি তাইক সন্মত কৰাই লৈ
বলা, আচান্সোলৰ কুলিৰ ডিপােতে তাইক দি মোৰ হাতৰপৰা একুৰি
টকা লৈ তুমি ঘৰলৈ গুচি যাবা।
শিৱপ্ৰসাদ –“ভিখৰাজ ককাই, তােমাক এটা চুমাকে খাওঁ দিয়া।
তোমাৰ বুধি নহলে কি হয়? তুমি মোৰ পৰম বন্ধু।”
ভিখৰাজ -“পৰাপক্ষত আমি পৰৰ উপকাৰহে কৰোঁ, অনিষ্ট নকৰো,
লোকক সদাই ভাল বাটটোহে দেখুৱাব লাগে। পৰৰ অনিষ্ট কৰিনো সংসাৰত কেই দিন খাম লমহেঁ? কি বোলা?”
শিৱপ্রসাদ--“হয়তো” বুলি ভিখৰাজাৰ কথাটোত সম্পূর্ণ সহানুভূতি