শিৱপ্রসাদ
৭৯
চতুর্থ অধ্যায়
ভিখৰাজ-“শিৱপ্ৰসাদ ভাই, কি কৈছিলা! মই কানীৰ হোপা
মাৰিছিলোঁ,কথাটো ভালকৈ মােৰ কাণত নপৰিল।”
শিৱপ্ৰসাদ-–“ইয়াকে কৈছিলোঁ বোলোঁ মোৰ তিৰোতাজনীৰ পৰা
মহা মস্কিলত পৰিলোঁ । গুড় এচেলেকা মোকো দিয়াচোন ।আজি
কল নাইনে কি ?”
ভিখৰাজ-- “নিয়া ভা, এইয়া গুড়। কল নেপালো। কি মস্কিলত
পৰিলা ?”
শিৱপ্ৰসাদ--“তাই জটৌপটৌকৈ মােৰ ডিঙিত ওলমি ধৰিছে, এৰাব
নোৱাৰা হলো?”
ভিখৰাজ –“কিয়নো এৰাব খুজিছা?”
শিৱপ্ৰসাদ—“আই-বোপাই, ভাই-ককাই, গাওঁ-ভুই এৰি বিদেশত
তিৰোতা এজনী টেটুত বান্ধি লৈনো কিমান থাকিবাহেঁ? গুড় ফেৰা
বৰ সোৱাদ ক’ত পাইছিলা?”
ভিখৰাজ-“দেশলৈ নােযোৱা কিয় ?”
শিৱপ্ৰসাদ—“কোল জাতৰ তিৰােতাজনী দেশলৈ লৈ গৈ জাত-কুল
হেৰুৱাই মৰিব দিছানে ? তুমিনো দিনে দিনে কিবা অঁকৰা হৈ
আহিছানে কিহেঁ ?”
ভিখৰাজ - “তেনেহলে কিনো কৰিব খুজিছ এতিয়া ?”
শিৱপ্ৰসাদ - “ভালকৈ কানী-টিকিৰা এটাত হোঁপা মাৰি দিব খুজিছোঁ।”
ভিখৰাজ -- “যোৱা কিবা তুমি ধেমালি কৰিবলৈ লাগিলা।”
শিৱপ্ৰসাদ-“কৰিব খুজিছোঁ আৰু কি, এদিন ৰাতি ইয়াতে এৰি
ভূৰুং কৰে পলাই গুচি যাম।”