তৃতীয় অধ্যায়
পৃথিৱীখন সুমথিৰা টেঙাটোৰ নিচিনা ঘূৰণীয়া, আৰু দুমুৰে দুটা অলপ
খোব। প্ৰথম দৃষ্টিত সেই খোব দুটা চকুত নপৰে। বিবাহিত জীৱনৰ
পৃথিবীখনো তেনেকুৱা। প্ৰথমতে সি বেছ ঘূৰণীয়া যেন লাগে, আৰু দুমুৰৰ
খোব দুটাও চকুত নপৰে। কিন্তু প্ৰথম অনুৰাগৰ ৰাগি কমি গলেই বিৰাগৰ
দীঘল হামি আৰু ছুটি ছুটি হেকটিয়ে গা ৰাইজাই কৈ পেলায়। তেতিয়া
সুখৰ পৃথিবীৰ গাৰ হেঙ্গুল হাইতাল সোপা উটি গৈ ধানখেৰৰ জুমুঠি ওলাই
পৰে।
তিনি মাহ যাওঁতে নেযাঁওতেই শিবপ্ৰসাদৰ ৰাগি এৰিলে। সমাজিকৰপৰা
উঠি চেতন পোৱা মানুহৰ নিচিনাকৈ মনে মনে সি ভাবিবলৈ ধৰিলে -“মোৰ
আই ক'ত? বোপাই ক’ত? ভাই ক’ত? মোৰ জাত ক’ত? দেশ কত?
গাওঁ ক'ত?” মনত বিষাদ, বিৰাগ, আৰু বিৰক্ত উৎপন্ন হল। আৰু তাৰ
ফলত সিফালে বেচেৰী নিৰ্দ্দোষী লচিমীয়াৰ মৰণদশা উপস্থিত হল।
দিনে দিনে লাহে লাহে স্পষ্টকৈ দেখা গল যে শিৱপ্ৰসাদে লচিমীয়াক
আৰু ভাল নোপোৱা হৈ আহিল। স্বামীৰ অযত্ন আক কঠোৰ ব্যৱহাৰত
দিনে দিনে এই কোমল লতাটি জয় পৰি আহিবলৈ ধৰিলে। লচিমীয়াৰ
ফালে স্বামীৰ প্ৰতি কাকুতি মিনতি কত অনুনয়-বিনয় কত ভক্তি স্নেহ চলিল,
কিন্তু স্বামীৰ হৃদয়-দৰ্পণত তাৰ অলপো প্ৰতিবিম্ব নপৰিল। হায়?স্বামীৰ
সেই পুৰণি স্নেহ-সৰোবৰৰ পানী শুকাল। বিবাহিত জীৱন সুখৰ বোজা
নহৈ এই অলপকালৰ ভিতৰতে দুখৰ ভাব হৈ উঠিল। ঘৰত সুখ নেপাই
শিবপ্ৰসাদে কানী-ভাং আৰু মদৰ খোলাত সুখ বিচাৰিবলৈ আৰম্ভ কৰি
অচিৰতে সেই তিনি বস্তুৰ নিষ্ঠাবান সেৱক হৈ পৰিল।
⸻