পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
শিৱপ্ৰসাদ


দ্বিতীয় অধ্যায়

 শিবপ্ৰসাদ অনাইবনাই ফুৰি এদিন পুৰুলিয়াৰ হাটত ওলালহি। হাটত হঠাৎ এবাৰ লচিমীয়াৰ সৈতে দেখা হল। দেখাও হল, ততালিকে দুয়ো দুইৰো চিটিকাতে লাগিল। নিমিষৰ ভিতৰতে শিৱপ্ৰসাদৰ মনত হল, যে সি যি বস্তুকে আজি অত দিন অনাইবনাই আকুল-ব্য়াকুল হৈ বিচাৰি ফুৰিছিল, এই কোল সুন্দৰীয়েই সেই বস্তুটো। এই সুন্দৰী নয়নতে “প্ৰভাত জাগিছে,” এই সুন্দৰীৰ সুধাস্বৰৰ মাজতে “জগতেৰ গীত বাজে”। ওপৰত-কোৱা বঙ্গালী কবিৰ গান এফাকি অকৌ আমি এই খিনিতে শিৱপ্ৰসাদৰ হৈ গাই দিওঁ—

“আমাৰ পরাণ যাহা চায়, তুমি তাই, তুমি তাই গো!
তোমা ছাড়া আর এ জগতে মোর, কেহ নাই কিছু নাই গো!
তুমি সুখ যদি নাহি পাও, যাও, সুখের সন্ধানে যাও,
আমি তোমারে পেয়েছি হৃদয় মাঝে আর কিছু নাহি চাই গো!

  *   *   *   *   “”

 পৰস্পৰ চকুৱাচকি হল, আৰু তাৰ লগে লগে পৰস্পৰৰ মন কিনা বেচাও হৈ গল। আজিৰ হাট কৰি লচিমীয়াই যি বস্তু পালে, আনন্দত উৎফুল্ল হৈ হাঁহি হাঁহি সেই বস্তু লৈ গৈ মাকৰ হাতত শোধাই দিলে। মাকে জোৱাঁই পালে, জীয়েকে স্বামী পালে, আৰু আমাৰ শিৱপ্ৰসাদে দেশে বিদেশে বিচাৰি ফুৰা বস্তু পালে! তিনিউৰো মনত মহা আনন্দ মিলিল। দুদিনৰ ভিতৰতে শিৱপ্ৰসাদ আৰু লচিমীয়া বিয়াৰ বান্ধত কটকটীয়াকৈ বান্ধ খালে।