পুৰুলিয়াত লচিমীয়াৰ ঘৰ। লচিমীয়া নৱযৌবনসম্পন্না শুভ্ৰদশনা শুভ্ৰবসনা
কৃষ্ণাঙ্গী কোল সুন্দৰী। তাইৰ বাপেক মৰিল, মাক মথোন আছে।
মাক বুঢ়ী আৰু নীচেই হোজা; জীয়েকো হোজাবিষয়ত মাকৰ নিৰ্ভুল
নকল। লচিমীয়াই হাটবাৰৰ দিনা লাওটো কছুটো হাটত বেছি যি উপাৰ্জ্জন
কৰি আনে, তাৰেই মাক-জীয়েক দুয়ো পোহ যায়। আইয়ৰ্ণ চাহাব
পুৰুলিয়াৰ প্ৰজাৰঞ্জক হাকিম। বিলাতৰপৰা তেওঁ আহিবৰ বহুত দিন
হোৱা নাই; কিন্তু তেওঁ ইয়াৰ ভিতৰতে পুৰুলিয়াৰ মানুহৰ প্ৰিয়পাত্ৰ হৈ
পৰিছে। এদিন চাহাব হাট চাবলৈ গৈছিল। হাটতে লচিমীয়াই আলু
কছু গোটাচেৰেক আগত লৈ পোহাৰ দি বহি আছে। চুম্বকৰ ফালে
লো টান খাই আহা দি লচিমীয়াৰ ফালে চাহাব বাহাদুৰ টান খাই আহিল।
চাহাব-“তোমাৰ ঘৰ কত আছে?”
লচিমীয়া -“এই পুৰুলিয়াতে।”
চাহাব——“তুমি দেখিবলৈ ভাৰী হুন্দৰী আছে।”
লচিমীয়া– “হুন্দ্ৰীতো আছোঁ, থাকিলে কি হোবে চাহাব, হামাৰ
জাতৰ মৰদলোকতো আমাকে হুন্দ্ৰী নাহি দেখে।”
চাহাবে লচিমীৰ কথা শুনি হাঁহিবলৈ ধৰিলে। সচাকৈয়ে লচিমীয়াৰ
মনত সদাই বেজাৰ যে তাইৰ আজিলৈকে বিয়া নহল। কোলৰ ভিতৰত
দুখীয়া ছোৱালীৰ বিয়া হোৱা বৰ মস্কিল। একো একো জনী আবিয়ৈ
থাকিয়েই বুঢ়ী হৈ মৰি যায়। সিহঁতৰ বিয়াৰ বাটত নানা প্ৰতিবন্ধক।
⸻