পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
শিৱ প্ৰসাদ


যেমন দখিনে বায়ু ছুটেছে!
কে জানে কোথাই ফুল ফুটেছে!
তেমনি আমিও সখি যাব,
না জানি কোথাই দেখা পাব!
কার সুধাস্বর মাঝে জগতের গীত বাজে,
প্ৰভাত জাগিছে কার নয়নে!
কাহার প্ৰাণের প্ৰাণ অনন্ত!
তাহরে খুজিব দিক দিগন্ত।”

 এই দেখি আমি বপুৰা শিৱপ্ৰসাদৰ গাত জানি শুনিয়েই দোষৰ ছিটা পেলোৱা নাই। জীৱনৰ ভিতৰত, সাধু-মহন্ত, ৰজা-প্ৰজা ধনী-খৰীভাৰী কোনেও, হাতত তাম-তুলসী গঙ্গাজল লৈ কব নেৱাৰে যে তেওঁ এবাৰ এই প্ৰথম যৌবন-ভাঙৰ চিলিমত হোপা মাৰি মন মুকলি কৰি নাই দিয়া বুলি। ৰজাৰ কোৱঁৰৰ গাত ওপৰত-কোৱা প্ৰথম বসন্তৰ বতাহ লাগিলে, মন্ত্ৰীৰ কোৱঁৰ, পাত্ৰৰ কোৱঁৰ আৰু বাৰীৰ কোৱঁৰক লগত লৈ তেওঁ দেশভ্ৰমণ কৰিবলৈ ওলায়; ভাল মানুহৰ লৰাৰ গাত এই বতাহ লাগিলে তেওঁ ঘৰ এৰি যাত্ৰাওৱালাৰ লগত পলাই যায় বা থিয়েটৰৰ দলত সোমায়, আৰু সৰু মানুহৰ লৰাৰ গাত উল্লিখিত সৰ্ব্বনশীয়া বা লাগিলে সি বলিয়া বতিয়া হৈ কাছাৰীত গোছৰৰ লেখ বঢ়ায়। সৰহ নকওঁ, বাঘ চাল পিন্ধা গোবৰখুটিৰ ছাই-সনা মহাযোগী মহাদেউৰ নামেও পুৰাণত “হৰমোহন” বুলি দণ্ডবিধি আইনমতে দণ্ডনীয় এটা গুৰুতৰ অভিযোগ আজিলৈকে ফট্ফটীয়া হৈ পৰি আছে। আমাৰ ন বৰুৱা শিৱপ্ৰসাদে এদিন ঘৰ এৰি অপোনাৰ সকলোকে শোক সাগৰত বুৰাই মনৰ মানুহ বিচাৰি “দখিনে বায়ু ছুটাদি” কৰবালৈ "ছুটিল”।