পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিৱপ্ৰসাদ

প্ৰথম অধ্যায়

 শিৱপ্ৰসাদৰ ঘৰ আনন্দপুৰত; বয়স ১৮ বছৰ। সি জাতত কহাঁৰ। সুস্থসবল আৰু সুশ্ৰী ডেকা। তাৰ মাক-বাপেক ককায়েক ভায়েক ভনীয়েক সকলো আছে; ঘৰত খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ আছে। কিন্তু মনত শান্তি নাই। অজি এবছৰ মানৰ পৰা তাৰ মানসিক অৱস্থা শোচনীয়। সি সঁচাসঁচিকৈয়ে ভাবে তাৰ সকলো আছে, অথছ সি ডালদৰিদ্ৰ। এবুকুৱা পানীত সি পৰি থাকিও তাৰ ডিঙি শুকান। তাৰ মন উদাস, হিয়া উদং, প্ৰাণ বলিয়া। আমি কিন্তু তাৰ গাত দায় নিদিওঁ; দায় দিওঁ যৌৱন প্ৰভাতৰ উত্ৰাৱল বতাহৰ গাত। মোহনী ভাঙৰ চিলিমৰ এহোপা ধোৱাঁই যেনেকৈ জাতিলাও এটাৰ সমান আয়তনৰ মানুহৰ মূৰ এটাৰ ভিতৰত উনপঞ্চাশটা বায়ুৰ অৱতাৰণা কৰিবৰ পক্ষে যথেষ্ট, প্ৰথম যৌৱনৰ এচাতি চোকা বতাহেই তেনেকৈ ন ডেকা এজনৰ মূৰৰ ভিতৰত কলৈ যাওঁ, কি কৰো নামৰ বিষম বাতিক জন্মাবৰ পক্ষে যথেষ্ট। বঙালী কবিয়ে বান্ধি থৈছেঃ-

“জীবনে আজ কি প্ৰথম এল বসন্ত!
নবীন বাসনা ভরে হৃদয় কেমন করে,
নবীন জীবনে হল জীবন্ত!
সুখ-ভরা এ ধরায় মন বাহিরিতে চায়,
কাহারে বসাতে চায় হৃদয়ে!
তাহারে খুঁজিব দিক-দিগন্ত।”