পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ভদৰী


 উত্তৰস্বৰূপে শিশুৰামৰ দুচকুৱে দুধাৰ লো বৈ গল।
 ভদৰী- ( ডাক্তৰলৈ চাই হাত কৰযোৰ কৰি) দেউতা ঈশ্বৰ! ধৰ্ম্মৱতাৰ! এওঁৰ কোনো দোষ নাই, এওঁক এৰি দিয়ক। বেটী গোলামীয়ে চুলি চিঙ্গি কাতৰ কৰি মাতিছোঁ, মোৰ গিৰীহঁতক এৰি দিয়ক! মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি বেটি গোলামীৰ গা কাটিছে।
 ভদৰীৰ সকৰুণ কথা শুনি ডাক্তৰ, ডেৰেচী, কনিষ্টবল আদি সকলো অবাক! শিশুৰামেও আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কান্দিবলৈ ধৰিলে, “নহয় হজুৰ। মইহে এইক মৈদাৰে কুবিয়ালো, মোক হজুৰ ফাঁচী দিয়ক। ধৰ্ম্মৱতাৰ মই মহাপাপী; মই এনে জনী তিৰোতাৰ হাত অস্ত্ৰেৰে কোব মাৰিলো।”

সামৰণি

 অলপ দিনৰ ভিতৰতে ভদৰী সম্পূৰ্ণৰূপে আৰোগ্য হল। কিন্তু স্বামীক নিৰ্দ্দোষী কৰি আইনৰ গৰাহৰপৰা ৰাখিবলৈ তাই প্ৰাণপণে চেষ্টা কৰাত, তাৰ কঠিন পৰিশ্ৰমেৰে সৈতে তিনি মাহ ফাটকৰ হুকুম হল। শিশুৰামে হাঁহি হাঁহি বৰ ফাটকৰ ভিতৰলৈ, আৰু ভদৰীয়ে কান্দি কান্দি শোক-ভৰা হৃদয় লৈ আপোন ঘৰৰ ভিতৰলৈ সোমাই, এই খিনিতে আমাৰ এই বেগেতীয়া সাধুটি শেষ কৰি দিলে।