দ্বিতীয় অধ্যায়
আস্পতালত থাকি তিন দিনৰ মূৰত ভদৰীয়ে জ্ঞান পালে। জ্ঞান
পায়েই প্ৰথমেই কাষত থকা ডেৰেচীক সুধিলে “তেওঁ কলৈ গল?"
ডেৰেচী—কোন “তেওঁ”?
ভদৰী— অলপ অপ্ৰস্তুত হৈ আমাৰ তেওঁ। মোৰ গিৰীহঁত।
ডেৰেচী- ও আদমি হাজোত মে আছে।
ভদৰী-তেওঁক মাতি পঠিয়াওক দেউতা!
ডেৰেচী-ক্যা মাতি পঠিয়াও গে; ও আদমি আভি আহিবে নাহি
পাৰিবে। উচ্কো তো হাজত মে দিছে। আচ্ছা তুমি ৰহ আভি।
তোমাৰা আদমিকা বাত তুমি আভি নাহি ভাবিবে। ও বাত আভি ভাবিলে
হামি জানিছে তোমৰা বেমাৰ বহুৎ বেছি হবে।
আস্পতালৰ ডেৰেচীৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল।
এনেতে বৰ ডাক্তৰ আহি পালেহি। ডাক্তৰে কম্পাউণ্ডৰৰ মুখে ৰোগীৰ
সকলো অৱস্থা ভূ পাই শিশুৰামক হাজোতৰপৰা আনি তাইৰ আগত নিদিলে
তাইৰ সোনকালে আৰোগ্য হবৰ আশা নাই বুজি, তেতিয়াই তাৰ দিহা
কৰিলে।
⸻
তৃতীয় অধ্যায়
এইবাৰ জ্ঞান পাই ভদৰীয়ে চকু মেলিয়েই দেখিলে তাই পৰি থকা
শষ্যাৰ কাষত, দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত শিশুৰাম থিয় হৈ
আছে; কাষতে ডাক্তৰ চাহাব।
ভদৰী- (শিশুৰামৰ ফালে চাই) তোমাৰ গা কেনে আছে? আজি
ভাত খালানে? তোমাৰ ভাত পানী খোৱাত মহা দুখ হৈছে চাগৈ?