পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ধোৱাঁখোৱা


এটায়ে মোক মৰিয়াই মাৰিবৰ কাৰবাৰ কৰিছহঁক। যা যা পণ্ডিত তই এতিয়াই বৰ্ হমবধীক ফয়চলানবিচৰ ঘৰৰ পৰা ধৰি লৈ আহ গৈ। ৰাতীয়া গোলামক ধৰ! ধৰ! মোৰ হোকাত ধপাত খায়। কি বিষম সাহ। ই গোলাম মোৰ লৰাটোক ধপাত খাবলৈ শিকালে! খালে!

দ্বিতীয় অধ্যায়

 ডাঙৰীয়াৰ ধোৱাঁখোৱাত ধপাত খোৱা আৰু ধপাত খাবলৈ শিকাই ৰামেশ্বৰৰ মূৰ খোৱা অপৰাধত বহুদিনীয়া পুৰণি লগুৱা ৰাতীয়াৰ পিঠিৰ ছাল আৰু চাকৰী লগে-ভাগে গ'ল। এই দণ্ডত ৰাতীয়াক আমি পুতৌ নকৰোঁ, তাৰ দোষ চাই দণ্ড হল। কিন্তু ঘাই জগৰীয়া কোন এই কথাৰ বুজ নহল। ঘাই জগৰীয়া ৰাতীয়াও নহয়, ৰামেশ্বৰও নহয়, ফচলানবিচৰ পুতেক বা আন লগৰ লগৰীয়া ধপতুৱাহঁতও নহয়। তেন্তে নো কোন? কলেও লাগিব লেঠা, বুলিব গা পালিহি দেখেeন। ফটামুখেৰে নকৈও নোৱাৰি। খাই জগৰীয়া - ডাঙৰ পাগুৰী, ডাঙৰ গাৰু আৰু ডাঙৰ গাৰে আমাৰ ডঙৰীয়া ভেবা গঙ্গাৰাম |

 জ্ঞানীলোকে কয়, উপদেশতকৈ আৰ্হি ভাল। তেওঁৰ নিজ ধপতুৱা তেজ মঙহেৰে গঠিত পাতল মনৰ পুতেকৰ আগত ধোৱাঁখোৱাঁ লৈ দিনে ৰাতিয়ে ধপাত খাই তেওঁ ঘৰ ধুৱঁলী-কুৱঁলি কৰি থাকিব, আৰু সেই পুতেকে সেই আৰ্হি নোলোৱাকৈ হাত সাবটি বহি থাকিব, এনে আশা কৰাটোৱেই অযুগুত। এশৰ ভিতৰত দুই চাৰিটা লৰাইহে, ধপাত আদি ৰাগীয়াল বস্তু খোৱা বাপেকৰ অসজ আৰ্হি লোৱা লোভৰ হাতৰ পৰা সাৰিব পৰা দেখা যায়। মানুহৰ মন, বিশেষকৈ লৰাৰ মন তপতে তপতে

আমোদ পোৱা পাপকাৰ্য্য কৰিবলৈ অলপতে ঢাল লয়। লোকৰ, ঘাইকৈ