এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
সাধু-কথাৰ কুকি
গুচি যোৱা ব্যৱসায় আমাৰ এই বহুৰূপী পাণ্ডা মহাশয়ে ধৰিছিল। এই
বাৰো এই বাঁৰীৰ জীয়েকক এনে ফন্দি কৰি কলিকতাত এৰি থৈ গৈ ৰং
মনে আকৌ অসমত নতুন পহু ধৰিবলৈ নতুন জাল পাতিবৰ চেষ্টাত
থাকোঁতেই ঈশ্বৰৰ ইচ্ছাত কলিকতাৰ পুলিচে লুটিয়াই তেওঁক ডাঙৰ
জালত পেলাই অনুগ্ৰহ কৰি ধৰি বৰফাটেকত সুমাই থলে।
সামৰণি
এই ঘটনাৰ কিছু দিনৰ পাছত এদিন, বাট পাহৰিয়েইনে কি, কোৱঁৰপুৰৰ সেই বাঁৰীৰ বহাত ওলাইছিলোগৈ। নানা কথা বাৰ্ত্তাৰ পিছত বিদায় লৈ উঠি আহিবৰ সময়ত সেই ছোৱালী জনীৱে চকুৰ লো টুকি মোৰ মুখলৈ চাই কলে, “আমালৈ নেপাহৰিব!” ইমান দূৰত ইমান সময় আৰু স্থানৰ ব্যৱধানত আছোঁ, তথাপি আজিও থাকি থাকি মোৰ কাণৰ বিন্ধাত বাজি উঠে “আমালৈ নেপাহৰিব।”