পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সাধুকথাৰ কুকি

 এদিন ৰাতিপুৱা শুই উঠি ৰামলোচন ৰামলোচন কৈ দেখোন মই মাতিছোঁ‌ হে মাতিছোঁ‌ ৰামলোচনৰ উত্তৰ নেপাওঁ। আন দিন ৰামলোচনে মই উঠাৰ আগেয়ে উঠি পুৱাৰ সকলো ঘৰুৱা কামৰ দিহা-পোহা কৰি ঠিক কৰে। আজিনো ইয়াৰ সাৰসুৰ নেপাওঁ কিয়? ভাবিলো, ইয়াৰ কিবা নৰীয়া হৈছে। সি শোৱা-খোটালিলৈ সোমাই গৈ দেখিলো ৰাম- লোচন ঘৰৰ চতিৰ পৰা অৰাঁ ডোল এডালৰ খোৰোচা গাঁঠিত ডিঙিটো সুমাই ওলমি আছে। কি ভয়ানক কাণ্ড। দেখি মোৰ গা থকৃথক্ কৰে কঁপিবলৈ ধৰিলে। গোলমাল কৰি মানুহ দুনুহ মাতি তাক নমাই অনাই চাওঁ তাৰ ধাতু নাই। ৰামলোচনৰ ওলমি থকা দেহ বন্দীশালৰ পৰা ওলাই চাৰি-পাঁচ ঘণ্টা মানৰ আগেয়েই সিপুৰীলৈ পলাল!

 পুলিচ আহিল। ম্যাজিষ্ট্ৰেটৰ আগত বিচাৰ হল। সিদ্ধান্ত হল; আত্মহত্যা। দুখৰ কথা কি কম, পোষ্টমৰ্টম এক্‌জামিনেচনৰ ভাৰও মোৰ গাতে পৰিছিল। কি আগমঙহ-কলা-পৰি-যোৱা বেজাৰেৰে যে মই তাৰ গাত অস্ত্ৰ বহুৱাইছিলো কব নোৱাৰে৷', সেই কথা মনত পৰিলে এতিয়াও মোৰ চকুৰ পানী ওলাব খোজে।

 সি কিয় আত্মহত্যা কৰিলে, তাৰ কাৰণ বিচাৰি বিচাৰি তাৰ চুৰিয়া খোচোনাত পালো। খোচোনাত এডোখৰ তাৰ হাতৰ লেখা ওলালা। তাত লিখা অছিল, “ৰাজুবালা, আমি চলিলাম, তুমি তোমাৰ মনেৰ মত লোককে বিবাহ কৰিয়া সুখী হও!” কাকত ডোখৰ পঢ়ি মইটো অবাক! ই বঙ্গালীৰ দেশলৈ আহি তলে তলে প্ৰেম কৰিবলৈ শিকিছিল! আৰু তাৰ ফল স্বৰূপে ঈষা-বহ্নিত দগ্ধ হৈ বঙ্গালীৰ দৰে আত্মহত্যা কৰিবলৈকো শিকিলে। ইয়াৰ যে তলে তলে ইমান বিদ্যা হৈছিল, হৰি হৰি! মই আগেয়ে নেজানিলো, নতুবা মই তাৰ প্ৰতিবিধান কৰিব পাৰিলোহেঁতেন