শিকাবলৈ ধৰিলে। এই স্নেহপূর্ণ যত্নত ৰামলোচনৰ (তাৰ নাম ৰামলোচন)
অতি অলপ দিনৰ ভিতৰতে স্বভাৱ-চৰিত্ৰ একেবাৰেই পৰিবৰ্ত্তন ঘটিল।
আগৰ দুষ্টৰ চূড়ামণি, ৰাইজৰ গৰিহা-খােৱা, কিল-খাই-ডগা-পিঠীয়া
ৰামলােচন ছমাহৰ ভিতৰতে এক সােণামুৱা ৰামলোচন হৈ উঠিল। প্রথমতে
সংস্কৃত শিকা ছাতৰৰ মনত মুগ্ধবোধ ব্যাকৰণৰ সূত্ৰবোৰ যেনে লাগে প্রথম
এমাহমানলৈকে আমাৰ মৰম-চেনেহ, আদৰ-সাদৰবোৰ তাৰ মনত তেনে
লাগিছিল । সেইবোৰৰ মানে আৰু মূল্য সি একাকে বুজিব নােৱাৰিছিল।
কোনো এটা বস্তু খাবলৈ দিলে সি চিলনীয়ে থাপ মৰা দি মাৰি নিছিল,
আৰু তাক পিন্ধিব খাবলৈ দিয়া তাৰ নিজা বস্তু বোৰকে সি কিবা চুৰকৈ
নিয়াদি নিছিল। আৰু দিনৰ দিনটো তাৰ পিঠিত কোনেও ডবা কোবোৱা
নাই কেলেই সেই কথাৰ অৰ্থ মূৰ ঘমাইও ভাবি নেপাইছিল ।
এবছৰৰ ভিতৰতে ৰামলোচন এটা অতি বিশ্বাসী সংস্বভাবৰ লৰা হৈ পৰিল।কুমলীয়া লৰা, অলপ সেও-পোতকতে ভালৰ ফালে ঢাল ললে । তাৰ পাঁচ বছৰ বয়সতে মাক-বাপেক ভাই-ককাই যি আছিল এটাইবোৰ মাউৰত মৰিল। বপুৰা মাউৰা নিঠৰুৱা হৈ ঠোঙোনা- মোঙোণা খাই আলিবাটে গছ-তলে বাগৰি-জুগৰি চুৰ-তাৰিকৈ খাই তেতিয়াৰে পৰা আহি এই বাৰ বছৰ বয়সীয়া হৈছিল। কায়স্থৰ ঘৰৰ লৰা দেখি মই লাহে লাহে তাক ভাত ৰান্ধনী পাতিলো। সিও ইমান প্ৰভুৰ অনুৰক্ত হৈ উঠিছিল, যে মোৰ আৰু মোৰ সহধর্ম্মিণীৰ নিমিত্তে সি সদায় নিজৰ প্রাণ দিবলৈ প্রস্তুত। এই দৰে ছবছৰ কাটি গল। মই উদয়পুৰৰ কাম এৰি বেঙ্গল গৱৰ্ণমেণ্টৰ কাম লৈ বৰ্দ্ধমান বিভাগৰ -* এচিষ্টেণ্ট চার্জ্জন হৈ আহিলো । সিও মােৰ লগতে আহিল। সময়ে অমাৰ ভিতৰৰ মৰম-চেনেহ আৰু
আত্মীয়তাৰ এক ধনিষ্টামানো টুটাব পৰা নাছিল।
- কি ঠাইখনৰ নাম কাঢ়িলে গাড়ীৰ ঘৰ্ঘৰণিত মই ভালকৈ নুশুনিলো।