স্বভাৱ বুজা অতি কঠিন। অনেক সময়ত বুজি উঠা একেবাৰেই অসম্ভৱ।
প্ৰাণীমাত্ৰৰে স্বভাৱ ৰক্ষণশীল, মানুহৰ গাত এই ৰক্ষণশীল স্বভাৱ অতি
পৰিমাণে আছে। সুখেই হওক বা দুখেই হওক বৰ্ত্তমান যেনে অৱস্থাত
মানুহ থাকে, সহজে সেই অৱস্থা সি পৰিবৰ্তন কৰিব নোখোজে। আমে-
ৰিকাৰ দাস ব্যৱসায় তুলি দি বন্দী-বেটীবিলাকক মুকলি কৰি দিলত
প্ৰথমতে বহুত বন্দী-বেটী মুক্ত অৱস্থালৈ যাবলৈ অনিচ্ছুক হৈছিল। সিহঁতৰ
মনত সেই নতুন স্বাধীনতা অতি অদ্ভূত যেন লাগিছিল। “খালাচ” হৈ কি
কৰিব একো ভাবি নেপাই অনেকে সেই দাসত্ব নেৰি আপোন গৰাকীৰ
ঘৰতে আজীৱন কাল কাটাইছিল। আমি স্ত্ৰী স্বাধীনতা স্ত্ৰী স্বাধীনতা
কৰি চিয়ঁৰো, কিন্তু হিন্দু মুছলমানসকলে নিজ নিজ ঘৰৰ ঘৈণীসকলক
যদি সোধে, তেওঁলোকক এনে তেনে স্বাধীনতা লাগেলে নেলাগে, তেন্তে
এশৰ ভিতৰত নিৰান্নব্বই জনাই তেওঁলোকৰ স্বামীসকলৰ মূৰত লৰা
লৰিকৈ তেল-টেঙা আনি থপিয়াই দিবলৈ যে আহিব এই কথা নিশ্চয়
কৈ কব পাৰো, অনেক গিৰিয়েক ঘৈণীয়েকে পুৱা গধূলি দন্দ কৰি
অপোন বিবাহিত জীৱন বিহৰ নিচিনা আৰু ঘৰ বাঁহতল কৰি পেলায়,
আৰু এনে অসুখীয়া জীৱন ওৰ পেলাবৰ মনেৰে কেতিয়াবা নিজৰ ডিঙিত
ৰেপ দিবলৈ তামোল কটাৰি ও বিচাৰি আনে; কিন্তু কোনো পৰোপকাৰী
শুভানুধ্যায়ী লোকে যদি দুই ৰো মাজত শান্তি স্থাপন কৰিবৰ মনেৰে
দুইকো অন্ততঃ দিনচেৰেকমান আতৰ কৰি থব খোজে, তেন্তে সেই
পৰোপকাৰী পুৰুষজনে তেওঁবিলাকৰপৰা বটাস্বৰূপে গালি আৰু কিল
নোখোৱাকৈ সাৰিব পাৰিলেই তেওঁক বাহাদুৰ বুলিব লাগিব।
লৰাটোৰ অনিচ্ছাস্বত্তেও মই তাক আনি মোৰ ঘৰত ৰাখি আদৰ সাদৰ মৰম-যত্ন কৰিবলৈ ধৰিলো। মোতকৈ ও মোৰ সহধম্মিণীয়ে তাক অতোলতোলকৈ মৰম কৰি দিনে ভাল কথা আৰু অলপ-অচৰপ লেখাপঢ়া