চাবলৈ ধৰিলে। মই পোহাৰীক তাইৰ আখৈ-লাড়ুটোৰ বেচ কিমান বুলি
সোধাত, তাই কলে ‘এক পয়চা’ ,‘হোঁ নে এই দুই পয়চা’ বুলি মই
তাইৰ আগত পয়চা দুটা পেলাই দিলো। মোৰ এই কাৰ্য্য় লৰা চোৰটোৰ
চকুত আৰু অদ্ভুত যেন লাগিল।
পোহাৰী—“আজি জানিবা আপুনি পয়চা দিলেই, কিন্তু কাইলৈ যেতিয়া সি আকৌ চুৰ কৰিব তেতিয়া কোনে পয়চা দিব?”
মই-‘ই আৰু চুৰ নকৰে।’
মোৰ কথা শুনি দৰ্শকবৃন্দৰ ভিতৰত এটা ইতিকিংসূচক হাঁহিৰ ৰোল উঠিল। মই তালৈ ভ্ৰক্ষেপ নকৰি লৰাটোৰ হাতত ধৰি টানি তাক মোৰ ঘৰৰ ফালে লৈ আহিলো।তাক সুধিলো,‘তোৰ কোন আছে?’
লৰা-'মোৰ সকলো আছে?
মই -‘মাৰ বাপেৰ আছে?’
লৰা - ‘নাই।”
মই -‘ককায়েৰ ভায়েৰ আছে?’
লৰা—'নাই।
মই- ‘আন কোনো নিতিৰ-কুটুম, বঙ্হ-পৰিয়াল আছে?’
লৰা - 'নাই।’
মই - ‘তেন্তে তই কিয় কৈছিলি তোৰ সকলো আছে বুলি?’
“সি মনে মনে থাকিয়েই মোৰ কথাৰ উত্তৰ দিলে। আচলতে তাৰ জীৱনত কেতিয়াও নোপোৱা এই নতুন বিধৰ আদৰ আৰু চেনেহেৰে মিহলি সম্ভাষণ শুনি, সি থোটামোজা খাই কিবা এটা কেনেবা অৱস্থা অনুভৱ কৰিবলৈ ধৰিলে,কি কব বা কি উত্তৰ দিব তাৰ ভূ হেৰাই পৰিছিল। তাৰ মুখ দেখি মোৰ মনে ধৰিলে, যে ‘এৰি দে বোপাই মই মাৰখাই জীওঁ।’ এনে এটা ভাবেৰে মোক যেন সি কাকুতি কৰিব লাগিছে। মনুষ্য জাতিৰ