দেখিলো, এটা বাৰ-তেৰ বছৰীয়া লৰাক সেই পোহাৰৰে পোহাৰী এজনীয়ে
ডোখৰাখৰি এডাল লৈ উৰাই ঘূৰাই মাৰিছে। কিন্তু ইমান মাৰে লৰাটোৰ
চকুৰপৰা পানী এটোপা আৰু মুখৰপৰা চিয়ঁৰ এটাও উলিয়াব পৰা নাই।
হাতুৰীৰ কোব লো এডোখৰে পিঠি দি সহাৰ দৰে সি কাঠখৰিৰ কোব
পিঠি পাতি সহিব লাগিছে, আৰু হাতুৰীৰ কোবৰ তলৰ লো ডোখৰৰ দৰে
মাৰৰ কোবত সি অলপ ইকটাসিকটা কৰি মাটিত পৰি দীঘল হৈ গৈছে
মাথোন। দৰ্শকবৃন্দৰ ভিতৰৰ সৰহ ভাগে লৰাটোক পুতৌ কৰি এৰুৱাই
দিয়া দূৰত থাওক, “বেছ হৈছে! আৰু মাৰ; ভাৰী দুষ্ট লৰা!” বুলি
পোহাৰীক উৎসাহ দি লগাইহে দিছে। মই তৎক্ষণাৎ জনতাৰ মাজত
সোমাই, লৰাটোক পোহাৰীজনীৰ হাতৰ পৰা এৰুৱাই, কিয় তাই তাক
মাৰি ধোবাৰ পাট যেন কৰিছে, কাৰণ সুধিলো। মোৰ প্ৰশ্নটো মুখৰপৰা
ওলাবলৈ পাওঁতে নাপাওঁতেই চাৰিউ ফালৰপৰা একেবাৰেই উত্তৰৰ
কালী-পেঁপা বাজি উঠিল, “বাবু ই বৰ দগাবাজ লৰা, নিতৌ পোহাৰীৰ
পোহাৰৰপৰা বস্তু চুৰকৈ খায়। আজি এইৰ এটা আখৈ লাড়ু চুৰ
কৰিছিল, ধৰা পৰি মাৰ খাইছে। ইয়াৰ হাত বা ভৰি এটা মৰিয়াই
ভাঙি নিদিলে ইয়াৰ জোৰাই-জোখাই শিকনি নহয়।” এটা নিৰ্ব্বাক
নিঃসহায় লৰা আচামী, আৰু ইমানবিলাক বলৱন্ত বক্তা আৰু প্ৰহাৰ
কৰোঁতা ফৰিয়াদী!দেখি মোৰ মনত নথৈ বেয়া লাগিল। কিন্তু দেখি
আচৰিত মানিলো যে অচামীৰ আত্মৰক্ষাৰ কোনো যত্ন নাই; সি
নিৰুত্তৰ। তাক দেখি এনে মনে ধৰিলে যে, এই পৃথিবীৰ সকলো
লোকেই তাৰ বিপক্ষ, আৰু এনে মাৰ কিল খোৱাটো তাৰ জীৱনৰ এটা
অপৰিহাৰ্য্য কাৰ্য্য়, এনে এটা বহুদিনীয়া বিশ্বাসে তাৰ মনত কৰাল মাৰি
ধৰি আছে। হঠাৎ কৰবাৰপৰা এটা মানুহ আহি এনে দয়া প্ৰকাশ
কৰি তাৰ ফলীয়া হোৱা দেখি সি নথৈ আচৰিত মানি মোৰ মুখৰ ফালে
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাধু-কথাৰ কুকি