পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ডাক্তৰ বাবুৰ সাধু


 নৰেন-“সাহেব তাৰ জন্য আমাকে কি দেবে?”

 আন এজন—“একটা কিক্।”

 এই কথা শুনি আকৌ এবাৰ তেওঁলোকৰ মাজত হাঁহিৰ ধ্বনি উঠিল। বেচেৰা নৰেন বাবুয়ে কিন্তু এইবাৰ লাজত পৰাৰ ভয়তহে সেইহাঁহিত যোগ দিলে; নতুবা তেওঁ যথেষ্ট অপ্ৰস্তুত হৈছিল।

 ডাক্তৰ - “তাহলে নৰেন বাবুকে দুটো গল্প বলতে হবে।”

 সকলোৱে ডাক্তৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিলত আৰু সভাপতি মহাকায়েও ডিঙি নাইকিয়া লথৌ মূৰটো যথাসাধ্য দুপিয়াই তাক সমৰ্থন কৰিলত, সেইটো সিদ্ধান্ত স্থিৰ হ'ল। মইও ভদ্ৰতা ৰক্ষা কৰি পেটৰ ভিতৰতে নৰেন বাবুক নিফুট ধন্যবাদ এটা দি থলো। প্ৰথমতে ডাক্তৰ বাবুৰ সাধু কবৰ পাল পৰিল। ডাক্তৰ বাবুৱে আৰম্ভ কৰিলে--

 প্ৰথমতে কৈ লওঁ, যদিও কথাটো সাধুকথাৰ শাৰীত পেলাই কবলৈ গৈছোঁ, কিন্তু ই সত্য ঘটনা। ১৮৮৬ চনত মই কলিকতাত মেডিকেল কলেজৰ শেষ মহলাত উঠি উদয়পুৰ ৰজাৰ ডাক্তৰ হৈ উদয়পুৰলৈ যাওঁ। এই উদয়পুৰ ৰাজপুতনাৰ উদয়পুৰ নহয়, ছোটনাগপুৰৰ উদয়পুৰ; চেন্ট্ৰেল প্ৰভিন্সৰ ৰায়গৰ বিলাসপুৰৰ কাষত। ইয়াৰ লোক সংখ্যা প্ৰায় চল্লিশ হেজাৰ, আৰু আয় উনৈশ কুৰি হেজাৰ। ১৮১৮ চনত নাগপুৰৰ ৰজা মাধুজী ভোচলাৰে (যাক সকলোৱে আপাচাহেব বুলিছিল ) সৈতে কৰা সন্ধি- পত্ৰ অনুসাৰে চাৰগুজা প্ৰভৃতি ৰাজ্যৰে সৈতে এই উদয়পূৰ ৰাজ্য ব্ৰিটিছ গবৰ্ণমেন্টৰ হাতলৈ আহে। তেতিয়াৰে পৰা ই ইংৰাজ গবৰ্ণমেণ্টৰ কৰতলীয়া।

 “এই উদয়পুৰতে এদিন পুৱা বজাৰৰ ফালে ফুৰিবলৈ গৈছলো, এনেতে দূৰৰ পৰা দেখিলো, এখন পোহাৰৰ আগত কিছুমান মানুহ গোটখাই গোলামাল কৰিব লাগিছে। কি হৈছে, জানিবৰ মনেৰে ওচৰ চাপি গৈ