পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সাধু-কথাৰ কুকি


 নৰেন বাবু—“সাহেবেৰ বাচ্ছা যে, ওদেৰ সবই সম্ভব।”

 ডাক্তৰ বাবু—“সাহেবকে একবাৰ জিজ্ঞেস কৰে দেখ না কি কোৰে এমন চুপ কৰে থাকে?”

 সভাপতি-“হাঁ, জিজ্ঞেস কোৰে সাহেবেৰ কাছ থেকে একটা বুসি খাওনা, তাহলেই ঠিক হবে।”

 আন এজন –“তা বইকি, আমৰা এতজন বাঙ্গালী থাকতে একটা সাহেবও কাজটি কৰে নিজে প্ৰাণ নিয়ে পালাবে?”

 সভাপতি--“চুপ কৰ বাপু চুপ কৰ, আৰ বীৰত্ব কৰে কাজ নেই, ঢেৰ জানা আছে। এখন যে ৰকম দেখছি, সমস্ত ৰাতটাতো এই বোসেই কাটাতে হবে। কি কৰে সময়টা কাটাই বল দিকি’ন?”

 ডাক্তৰ বাবু-“তামাক খেয়ে।”

 আন এজন- “আমিতো বলি পৰনিন্দা কৰে। অবিশ্যি এমন একজন লোকেৰ নিন্দা কৰতে হবে, যাকে আমৰা সকলে জানি। ধৰুন সুৰেন্দ্ৰনাথ বানুৰ্জ্জী।”

 এই কথাষাৰ শুনি স্থলকায় সভাৰ সভ্যসকলৰ মাজত হাঁহিৰ ধুম পৰি গল। তুলনাত ক্ষীণকায় মইও মুখখন টিপা মাৰি ধৰি লুকাই সৰু-সৰা সমসাময়িক হাঁহি এটা মাৰি দিলোঁ।

 সভাপতি – “ফাজলামি কোৰে কাজ নেই আসুন্ না আমৰা প্ৰত্যেকে এক একটা কোৰে গল্প বলি, তাহলেই ৰাতটা কাবাৰ হয়ে যাবে।”

 সভাপতিৰ কথাত এটাই কেইজনে মত দিলত সেইটোৱেই সিদ্ধান্ত স্থিৰ হল। কিন্তু নৰেন বাবুৱে মুখখন কাতি কৈ লাহেকৈ কলে, “আমৰা নাহয় নিজেৰ গল্প বলব, সাহেবেৰ গল্পকে বলবে, বল দেখি? সেটা কি অমনি মাঠে মাৰা যাবে?”

 ডাক্তৰ--“সাহেবেৰ হয়ে না হয় আপনিই বলবেন।”