চতুৰ্থ অধ্যায়
ইয়াৰ পাছত কি হল, কি কৰা গল, কবলৈ গলে আত্মশ্লাঘা কৰা হয়;
সেই গুণে সেই বিলাক বিবৰি নকৈ মুঠতে কওঁ যে মহাৰাণীৰ
নিৰপেক্ষ আইনৰ সাহায্য লৈ নিঃসহায় অভাগিনীক গাৰ্ডেনৰিচৰ কুলি
ডিপোৰ পৰা অতি কষ্টে উদ্ধাৰ কৰি স্বদেশলৈ পঠিয়াই দিয়া হল।
মাকে হেৰোৱা-ধন আকৌ পাই আনন্দত ঈশ্বৰৰ চৰণত কৃতজ্ঞতা
আজলিয়ে আজলিয়ে দিবলৈ ধৰিলে। জীয়েকেও মাকৰ স্নেহ-ৰসেৰে
ভৰপুৰ বুকুত মূৰ সুমাই সুখেৰে আকৌ সুবলৈ পাই হাতেৰে স্বৰ্গ
ঢুকি পালে। কিন্তু তুহ-জুইৰ নিচিনা একুৰা শোকৰ জুই সদাই
তেওঁৰ মনত জ্বলিবলৈ ধৰিলে যে “মোৰ স্বামী নাহিল।তেওঁৰ
নাজানো কি দশা হল।”
কিছু দিনৰ মূৰত এদিন হঠাৎ স্বামী মহাশয়ক হাতত শিকলী
লগাই পুলিচে মাক জীয়েকৰ আগত হাজিৰ কৰিলে। মেকুৰী জোলো-
ঙাৰ পৰা ওলাল, সবিশেষ বৃত্তান্তও তাৰ লগে লগে ওলাই পৰিল।
"তেওঁ” মহাশয় এজন উৰিস্য়া দেশৰ ব্ৰাহ্মণ পাণ্ডা। ৺জগন্নাথ
গদাধৰ পাণ্ডাৰ গোমস্তা বুলি কৈ তেওঁ গাৱত সোমাই অসমীয়া গাৱ-
লীয়া মানুহৰ লুটি-পুটি খাই সৰ্ব্বস্বান্ত কৰি ফুৰিছিল। এই দৰে ফুৰি
তেওঁ অসমীয়া কবলৈ শিকিলে | পাহ-কটা তিনি-খলপীয়া চুলি আৰু
এমোকোৰা তামোলৰ মুখেৰে অসমীয়াৰ লগত অসমীয়া হৈ যাবলৈ
আমাৰ উড়িয়া ভাইহঁতৰ পক্ষে যে কিমান উজু ব্যাপাৰ তাক সকলোৱে
অপ্ৰয়াসে বোধগম্য কৰিব পাৰে। আমাৰ গাৱেঁ গাৱেঁ সোমাই অসমীয়া
বুলি পৰিচয় দি মোৰ অমুকত ঘৰ অমুকত বাৰী, এই দৰে কৈ, কোনো
কোনো ভোদা অসমীয়া মানুহক ভুৰুকিয়াই ঘৰ জোৱাঁই চাপি আজলী
অসমীয়া ছোৱালী ফুচুলাই লৈ আহি কলিকতাৰ কুলী ডিপোত বেচিথৈ