মই এচুকত পৰি মহাকায়সকলৰ ৰং-ৰূপ চাই কোন মূহুৰ্ত্তত গাড়ী
খন এৰিব, সেই মুহুৰ্ত্তৰ অপেক্ষাত উৰ্দ্ধমুখে বহি আছোঁ। য়ুৰোপীয়
বেশৰ গুণত তেওঁলোক মোৰ কাষলৈ বৰকৈ চাপি অহা নাই।
মহা মহাকায় জনে এবাৰ মোৰ ফাললৈ চাই সুধিলে, “Good night
Sir, How far are you goiog?"সম্বোধনটো শুনি অলপ মিচি-
কিয়াই উত্তৰ দিলো “Cawnpore,” মোৰ উত্তৰে এটাই কেজনৰ মুখ জঁয়
পেলালে। তেওঁবিলাকে ভাবিছিল মই অলপতে কৰবাত নামিম, নামিলেই
তেওঁলোকে এজন অবাঞ্ছনীয় বিদেশী সহযাত্ৰীৰ পৰা নিষ্কৃতি লভি নিজ
নিজ মূল্যবান পেট কেইটি আয়াস কৰি থৈ সুখেৰে শয়ন কৰিব পাৰিব।
তাৰে মূৰমৰিবৰ উপক্ৰম যেন দেখি লম্বোদৰসকলৰ মনত বিমৰ্ষ উপজিল।
১ম জন—“সাহেবকে কি অন্য গাড়ীতে পাঠাতে পাৰা যায় না?”
২য় জন-“দেখ চেষ্টা কোৰে, তুমি পাৰলেও পাৰতে পাৰ।”
৩য় জন—“বলনা সাহেবকে যে, সাহেব তোমাৰ এ গাড়ীতে কষ্ট হচ্ছে, পাশেৰ একখানা গাড়ীতে যাও।”
নোদোকা এন্দুৰসকলৰ ভিতৰতো এই বিলাক পৰামৰ্শ চলিব লাগিছে, কিন্তু মেকুৰীৰ ডিঙিত ঘণ্টা আনি দিয়ে কোনটো এন্দুৰে? এই প্ৰশ্ন উথাপন হলত, ইমান কষ্টেৰে সজা তিনিমহলীয়া পৰামৰ্শঘৰটো হুৰ্ হুৰকৈ ভাগি পৰিল। তেওঁবিলাকৰ ধাৰণা, যে তেওঁলোকৰ বাঙ্গালী মাত চাহেবে নুবুজে; কিন্তু ধেমালিটো চাহাব বাহাদুৰ ডোখৰৰ বেয়া লগা নাছিল।
এনেতে গাড়ী এৰিলে। আমিও উশাহ লৈ জীলো। মূহুৰ্ততে হাওৰা ষ্টেচন আমাৰ স্মৰণশক্তিৰ বিষয় হল। গাড়ীখনেও ইমান বেলি বন্দী হৈ থাকি বিৰক্ত হৈ শালৰ ঘোৰা মুকলি হোৱাদি মুকলি হৈ বিস্বাশবদে লৰদিলে।
সভাপতি মহাকায়--“ওগো নৰেন বাবু, সাহেব কি কোৰে এমন ধাৰা চুপমেৰে ৰয়েছে বল তো? ওঁৰ কি মাথা ধৰে না?”