পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাধু-কথাৰ কুকি


তেওঁলোকে নিজে সোমাইছে যেনও মনে নধৰে। এগাড়ী বৰপেট একে ঠাইতে গোটাই ৰং চাবৰ মনেৰে টেটোন বিধতাই নিশ্চয় এই কামটি কৰিলে। সি যি হওক, কঠালৰ ভিতৰত গুৰি-কথাল পকাটো সকলোৱে জানে, চাউলৰ টোমৰ ভিতৰত ডাঙৰ টোম থকাটোও লোকৰ অবিদিত নাই, আক ধান-সৰিয়হৰ ডুলিৰ ভিতৰত বৰ ডুলি থকা দেখা পোৱা মানুহো ঠিতাতে এবুৰি ছঁৰা ওলাব। এই স্থুলকায়সকলৰ ভিতৰতো এজন মহাকায় পুৰুষ আজি আমি সোঁ-চকুৰে দেখিলো। এওঁৰ গাটো বা পেটটো কিমান যে ডাঙৰ, মই এবাৰ উশাহ নসলোৱাকৈ একে উশাহে কবই নোৱাৰিম যেন পাওঁ। এওঁৰ কি নাম, কি কুল, কি শীল, কব নোৱাৰোঁ। কিন্তু ঘটোৎকৱচ হেন এই সুবৃহৎ পুৰুষজনক যি সুভাগী জননীয়ে দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰিছিল সেই হিড়িম্বা জননীৰ শ্ৰীচৰণ কমলেষু। এওঁৰ বিষয়ে মোৰ দুটা বক্তব্য আছে; প্ৰথমটি এই যে খোটালিটোৰ পাঁচভাগৰ এভাগ এওঁ অকলৈ জুৰি বহিছিল! আৰু এটা বক্তব্য এই যে, এওঁৰ কঁকালেৰে সৈতে চুৰিয়াৰ সমূলী ৰাহি নাহে। ঠিক কব লাগিলে এওঁ মকৰা-জাল যেন চুৰিয়াখন হাতেৰে সামৰি নধৰিলে নচলে। চমুকৈ এওঁৰ এটা “ডেফিনিচন” দিবলৈ গলে এই দৰে কলেই হব যে “এওঁ হাত ভৰি আদি ইন্দ্ৰিয় সংযুক্ত এটা পেট।” ক্ৰমশঃ মোৰ অনুমান হৈ আহিল যে এওঁৰ বৰ পেটটোত বাগবজাৰৰ ৰসগোল্লা যিমান আছে, গোটেই কলিকতাৰ কথাও সিমান আছে। 'অ’কাৰ ‘আ’কাৰ ‘ই’কাৰ, ‘উ'কাৰ যুক্ত যে কত ৰকমৰ কত সুৰীয়া কথা সৰ্ সৰ্ কৰে পাখি-লগা উইপৰুৱা গাতৰ পৰা ওলোৱাদি তাৰ ভিতৰৰ পৰা ওলাল তাৰ লেখ-জোখ নাই। আয়তনত কনিষ্ঠ কেজনৰ বাগযন্ত্ৰ কেইটিও নিতান্ত নৰম “কোৱালিটি”ৰ নহয়; এডিচন্ চাহাবৰ নিজ হাতে কৰা ফনোগ্ৰাফেৰে ৰিজালেও নেহাৰিব কি জানি।