পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ডাক্তৰ বাবুৰ সাধু


একোটা ইহঁতৰ মুখেদি সোমাই পেট পালেগৈও ইহঁতৰ মুখ আৰু পেটৰ খজুৱতি মৰিব বুলি বিশ্বাস নহয়। ইহঁতে চাৰি অনাৰ ঠাইত ঠিকা-গাড়ীৰ কেৰেয়া তিনি টকা কৰি বহি আছে, এতিয়া কি কৰা কৰাঁ।

 পূজাৰ সময়ত ৰেল কোম্পানীয়ে ৰেলযাত্ৰীসকলক অহা-যোৱা কৰিবলৈ সুবিধা কৰি কেৰেয়া কমাই দিয়ে। এবাৰৰ কেৰেয়াতে যাবও পাৰি আহিবও পাৰি। তাতে পূজাৰ ছুটি, অফিচ কাছাৰী বন্ধ, ভ্ৰমণকাৰীসকলৰ মাহেন্দ্ৰযোগ। মোৰো গা উঠিল, ফুৰিবলৈ ওলালোঁ। বিস্তৰ কেৰেয়া দি অতি কষ্টে এধা-মৰা এধা-জীয়া ঘোৰাৰে এধা-ভগা গাড়ী এখন ধৰি, ষষ্ঠীৰ ৰাতি ঘৰৰ পৰা ওলাই আঠ বজাত হাওৰা ষ্টেচনলৈ আহিলো। ৰেল ষ্টেচনত কাৱৈ মাছৰ উজান উঠাদি যাত্ৰীৰ উজান উঠিছে। মানুহৰ মাজত বিৰ দি সন্ধি পাবলৈ নাই। লৰালৰিকৈ টিকিট কিনি ললোঁ। কিন্তু যিখন গাড়ীৰ ওচৰলৈকে যাওঁ, দেখোঁ সেই খনেই “ৰিজাৰ্ভ” কৰা। কি মস্কিল! অনেক বিচাৰি ভালেমান বেলিৰ মূৰত দ্বিতীয় শ্ৰেণীৰ গাড়ী এখনত এটা মানুহৰ ঠাই খালি থকা পাই টুপুৰ কৰে উঠি খাজ খাই পৰিলো।

 টেটুলৈকে খাজ-খোৱা ভোজখোৱাসকলৰ দৰে, মেইল গাড়ীখন যাত্ৰীৰে খুন্দখাই পৰিল! গাড়ীখনত যিমান মানুহ উঠিল তাৰ দুগুণ মানুহে উঠিবলৈ ঠাই নেপাই উভতি যাব লগাত পৰিল। গাড়ীত উঠিলো হয়, কিন্তু মানুহৰ গাপ লাগি জাক দিয়া পকা মালভোগ কলটো যেন হলো। এতিয়া গাড়ীখন এৰি দিলেই মই বৰ্ত্তাত পৰিলো।

 মোৰ সৌভাগ্যগুণেই হওক, বা দুৰ্ভাগ্যগুণেই হওক, মই সোমোৱা খোটালিত মোৰ সহযাত্ৰী এটাইকেইজন থুলন্তৰ বঙ্গালী পুৰুষ। গা-ডাঙৰ বিষয়ত কোনো কম নহয়; ইজনতকৈ সিজন চৰা, সিজনতকৈ আৰু সিজন চৰা। এই ঘামৰ দিনত কোনে এই বৰপেটাল মানুহ কেইজন বাছি আনি একেটা খোটালিতে সুমাই দিছিল কব নোৱাৰোঁ। ইচ্ছা কৰি