পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাধুকথাৰ কুকি


কৰিছিলো। কিন্তু পিছে গৈ পোহঁতে লাজৰ ঢাকনি গুচাই দেখা দেখিকৈ অভদ্ৰ আৰু অস্বাভাবিক ব্যৱহাৰ কৰিবলৈ ধৰাত মোৰ ভ্ৰম দূৰ হল। তেতিয়াহে বুজিব পাৰিলো মই বুঢ়াই কি মূৰ্খামিকে কৰিলো।

 লাহে লাহে মোৰ পূজা, খোৱা, পিন্ধা ইত্যাদি আৱশ্যকীয় বিষয় বিলকিতো মোৰ পো আৰু বোৱাৰীহঁতৰ অৱজ্ঞাৰ ভাব ফুটি ওলাবলৈ ধৰিলে। ক্ৰমশঃ অবজ্ঞা আহি অপমান আৰু লঘু-লাঞ্ছনাত পৰিল। সৰু বোৱাৰীয়ে নিতৌ মোৰ পূজাৰ নৈবেদ্য ফুল তুলসী আদি যতনাই দি আহিছিল; কালি পুৱা গা ধুই পূজা কৰিবলৈ গৈ গোসাঁই ঘৰ সোমাই দেখিলো যে পূজাৰ আয়োজন একো নাই। ভাবিলো কিজানি আজি বোৱাৰীয়ে পাহৰিলেই। ভালেখিনি বেলি বোৱাৰীহঁতক মাতি মাতি ভাগৰিলো, কোনেও একো সমিধান নিদিলে। এনেতে দেখোন সৰু বোৱাৰী আহি মোৰ গাৰ ফালে কোষা অৰ্ঘা ফুল তুলসী বিলাক ছাটি মাৰি পেলাই দি গুচি গল। কাৰণ সুধিলত তাই আকৌ মোকেই উৰাই ঘূৰাই গালি পাৰিলে। বৰ বোৱাৰীয়েও জাকৰ ফলীয়া হৈ মোক অপমান কৰিবলৈ সংকোচ নকৰিলে। পোহঁত কৰবালৈ গৈছিল, উভটি আহি ঘৈণীয়েকহঁতৰ চকুৰ পানীৰে দিয়া গোচৰ শুনি ঘৃতাহুতি হৈ মোক অবাচ্য ভাষাৰে গালি পাৰি ঘৰৰ পৰা ওলাই যাবলৈ কলে। দুখ অপমানত ম্ৰিয়মান হৈ, যিবিলাকক নিজৰ বুলি ইমান দিন বুকুত বান্ধি আছিলো, সেই বিলাকক জলাঞ্জলি দি কান্ধত এইখন গামোছা আৰু হাতত এইডাল লাথুটি লৈ, লাহে লাহে মেমাৰি ষ্টেচনলৈ আহি এজন ভদ্ৰলোকৰ পৰা অচান্সোললৈকে ৰেলৰ কেৰেয়া ফেৰা মাগি লৈ, এই পুৱাৰ গাড়ীত আহি ওলাইছোঁহি। ইয়াৰ পৰা খুজি মাগি কোনোমতে পৱিত্ৰ কাশীধামলৈ গৈ এই কলুষিত শৰীৰ বিসৰ্জ্জন দিব