প্ৰতি মায়া বাঢ়ি আহিবলৈ ধৰিলে। পোহঁতে চকুৰ পানীৰে চল্
চলীয়া হৈ কলে, পিতাদেই, আমাক এৰি তুমি কলৈ যাবা? তুমি
এৰি গলে, আমি কাৰ মুখ চাই থাকিম? আয়ে এৰি গল, তুমিও
যদি আমাক এৰি যোৱা আমি অনাথ হমহকঁ। আই মৰি গল আমি
আছোঁ, তোমাৰ দুজনী বোৱাৰী আছে। আমি প্ৰাণপণে তোমাৰ
সেৱা-শুশ্ৰষা কৰি, তোমাক সুখে সন্তাষে ৰাখিবলৈ যতন কৰিমহঁক;
তুমি নিশ্চিন্ত হৈ হৰিনাম গাবা, গোসাঁই পূজা কৰিবা, খাবা দাবা আৰু
থাকিবা। সিহঁতৰ এই প্ৰৱল যুক্তিত আগৰ পৰা গুৰি উভলি থকা
মোৰ সঙ্কল্প শিপাই সৈতে কাতি হৈ পৰিল। হায়! তেতিয়া এবাৰো
মোৰ মনত নেখেলালে যে অমৃতত বিহ আছে; ফুলৰ ভিতৰত বিষাক্ত
পোক আছে। দহ দিন গল, পোন্ধৰ দিন গল, এমাহত পৰিল,
মোৰ সুখৰ সপোন ভাঙ্গি অহিবলৈ ধৰিল। অমৃতত বিহৰ গোন্ধ
পালো, ফুলৰ ভিতৰত লুকাই থকা পোক লাহে লাহে মোৰ চকুত পৰি
আহিল। দিনে দিনে মই স্পষ্ট দেখি আহিবলৈ ধৰিলো যে মোৰ
মৰমৰ পোহঁতৰ মৰম-চেনেহ এফেৰা এফেৰাকৈ জোখত কমি আহিবলৈ
ধৰিছে। দিনে দিনে মোৰ চকুৰ আগত পৰিবলৈ ধৰিলে যে মোৰ
ঘৰ-বাৰী, ধন-সম্পত্তিৰ ওপৰত মোৰ একো কথা নচলে। সেই সম্পৰ্কে
যদি মই কদাকাচিৎ পোহঁতক সৎপৰামৰ্শ দিবলৈ ওলাওঁ, সিহঁতে তাক
উপলুঙ্গা কৰি উৰাই দি মোলৈ এনে ভাবে চায় যেন সেইবোৰ কথা
মোৰ পক্ষে অনধিকাৰ চৰ্চ্চা হে। পোনতে এনেবোৰ দেখি মোৰ
মনত বৰ বেজাৰ লাগিছিল যদিও, মনত এই বুলি প্ৰবোধ দিছিলো
যে সিহঁত লৰা মানুহ, কি জানি বুজিব নোৱাৰি হে মোৰ সৈতে
এনে অশোভন ব্যৱহাৰ কৰিছে। একো একোবাৰ সেই বাবে খঙো
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পুত্ৰৱান পিতা