পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাধুকথাৰ কুকি


সামৰি আকৌ কবলৈ লাগিল, “তেনেহলে বোধকৰোঁ তুমি দয়ালু । এৰা অৱশ্যে পৃথিবীত এতিয়াও দয়ালু মানুহ আছে। এটাইবিলাক মানুহেই যদি সিহঁতৰ নিচিনা হলহেঁতেন তেন্তে আই বসুমতীয়ে পাপৰ ভাৰ সহিব নােৱাৰি নিশ্চয় ৰসাতললৈ গলহেঁতেন। বোপাই তোমাৰ সেই বৰ কান্দাজ- টোৱে যে মােক তােমাৰ ঘৰৰ চোতালৰপৰা গতিয়াই উলিয়াই দিব খুজি- ছিল, সি ঠিক কামকে কৰিছিল। তাৰ দোষ কি ? সি তাৰ কৰ্ত্তব্য কৰিছিল ; কাৰণ প্রকৃত পক্ষে মই এটা ভিকহু মগনিয়াৰ, বাটৰ কুকুৰ নহওঁ নো কি ? হায় বিধি! অম্বিকা-কালনাৰ নয়নচাদ মুখুৰ্য্যাৰ পুতেক কৃষ্ণচন্দ্র মুখুৰ্য্যা সঁচাকৈয়ে আজি বাটৰ ভিকহু? কেলেহুৱা কুকুৰ। তাৰ নিজা ঘৰ-বাৰী খেতি পথাৰ গুটি-ধান গছী-ধানৰ ভৰাল আছিল নে বোপাই ? নাই, নাই, নাছিল, নাছিল। দুর্কপলীয়া তাৰ কোনােকালে একো নাছিল। কিবা আছিল বুলি যদি তােমালােকে শুনিছিলা সি মিছা গোটেই মিছা উৰা বাতৰি, তাক নপতিয়াবাহঁক। আজি সচাকৈয়ে সি ডাল দৰিদ্ৰ, চুৱাঁপাতনিৰ কুকুৰ !”

 হাতীমূৰীয়া মুৰত তিনহতীয়া ওখ মথুৰা পাগুৰি মাৰি, ঠিক এনে সম- য়তে, দাৰােৱান মহাবীৰপ্ৰসাদ তেৱাৰীয়ে গজগতি গমনেৰে এখােজ দোখোজকৈ মোৰ ফাললৈ আগ বাঢ়ি আহি দীঘল চেলাম শােধাই সিংহৰ মাহীয়েক খুবী ছাগলীৰ দৰে দীঘল দাড়ি জোকাৰি “বয়ান” কৰিলে “হুজুৰ, এইঠু পাগলা হায় ! ইস্কু নিকাল দেনেচে আচ্ছা।” দাৰােৱান জীৰ ইমানটো গধূৰ কথাৰ সমিধান মই খংমুৱাকৈ পাতলাই দিয়াত,ডাৰ জুইৰ ভাপত বেটুৰে সৈতে বৰবেঙেনা টোটোৰা পৰাদি পাগুৰিৰে সৈতে তাৰ বৰ মুখখন টোঁটোৰা পৰি গ'ল। সিংহজীয়ে ভঙ্গ দি হুহঁকি গলত,“দেও আপুনি এতিয়া গা পা ধুই আজিলৈ ইয়াতে খাই বই অলপ জিৰাই-সতাই লওঁক, মই আপোনাৰ সকলো দিহা পোহা কৰি দিওঁ” এই বুলি বুঢ়াক

মিঠা কথাৰে আশ্বাস দি এই ঘটনাৰ প্রথম আকাৰ ওৰ পেলালাে।