পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পুত্ৰৱান পিতা


মোৰ ঘৰৰ পিৰালিত বহুৱালো। বুঢ়াই ছানি পৰা ঘোলা চকুৰ পৰা ঘোলা চকু-লো টুকিবলৈ ধৰিলে। দেখি মোৰ মনত নথৈ দুখ লাগিল, মই বুঢ়াক যথাসাধ্য সান্ত্বনা দিবলৈ ধৰিলো।

 বুঢ়াৰ বয়সে আশীৰ ডেওনা ডেইছে কি নাই ঠিক কব নোৱাৰোঁ। মূৰত এডালিও চুলি নাই; তান্পুৰাৰ খোলাটো “পালিচ” কৰাদি কোনো বাই যেন মূৰটো চিকমিকিয়াকৈ পালিচ কৰিহে থৈছে। দাঁত নাইকিয়া সোতোৰা পৰা মুখখন দেখিলে সহজে মনত নেখেলায় যে একালত সেই মুখ দালিমগুটীয়া দাতে পোহৰাই থৈছিল। প্ৰায় পোন্ধৰ মিনিটমান বুঢ়াই কোনো কথা নকৈ কেৱল দুই চকুৰ পৰা দুধাৰ লো টুকিলে; সেই দৃশ্য দেখিলে কঠুৱা হিয়াৰ কৰুণৰসত দ্ৰৱ নহৈ থাকিব নোৱাৰে। কিছু মান বেলিৰ মূৰত বুঢ়াৰ শোকৰ খুন্দা কমি আহিল; ময়ো লাহে লাহে তেওঁৰ সবিশেষ বৃত্তান্তৰ আতি-গুৰি লবলৈ কাৰবাৰ কৰিলো। মোৰ প্ৰশ্নৰ উত্তৰত বুঢ়াই কবলৈ ধৰিলে, “পৰমেশ্বৰে তোমালোকৰ মঙ্গল কৰক। মোৰ দুখৰ কথা কবলগীয়া নহয়। এই নিদাৰুণ সংসাৰত এই দুখীয়াৰ প্ৰতি এধানমানো পুতৌ কৰোতা মানুহ আছেনে? হায়! এই এধামৰা এধাজীয়া অকামিলা বুঢ়াৰ দুখৰ কাহিনী শুনি চকুৰ পৰা এটোপা বেজাৰৰ লো পেলাবৰ মানুহ সঁচাকৈয়ে এই পৃথিবীত আছেনে? নাই, নিশ্চয় নাই! মই ধুৰুপ বুজিছো। এই বুঢ়াবয়সত এই নিষ্ঠুৰ সংসাৰত জীয়াই থকাটোৱেই পাপ। বোপাইহঁত, তহঁতৰ সঁচাকৈয়ে ঘিণ লগা আৰু শোতাৰে সাৰি দলিয়াই পেলোৱা বুঢ়ালৈ মৰম লাগিছেনে? অসম্ভৱ অসম্ভৱ। মোৰ গাৰ তেজ মঙ্গহ দি যাক গঢ়িলো, চৰাইয়ে পোৱালিক টোপ খুৱাই পাখিৰে আবৰি ডাঙৰ দীঘল কৰাদি যিবিলাকক ডাঙৰ দীঘল কৰি খুটি খাব পৰা কৰিলো, সিহঁতৰতো মোৰ প্ৰতি এক তিলো দয়া মায়া

নহ’ল। বুঢ়াই উচুপি উচুপি কান্দিবলৈ ধৰিলে। খন্তেকৰ মূৰত কান্দোন