সনক-সনাতনকে আদি কৰি চাৰি সিদ্ধই, বৈকুণ্ঠ পুৰীৰে সৈতে জোৰ
মাৰিব খোজা মোৰ এই এলান্ধু-কলীয়া খাপৰীৰ বঙ্গলাত সোমাই
থুলন্তৰ পুৰুষ স্বয়ং মোৰে সৈতে পুৱাতে “ঠাণ্ডাই ঠাণ্ডাই মুলাকাত”
কৰিবলৈ আহিছে নে কি? নাইবা দাৰোৱান কুলৰ আকাশ-বন্তি
মহাবীৰ প্ৰসাদে ৰাতিপুৱাই-দিনটোলৈ জয়-বিজয় মুৰ্ত্তি ধৰিবৰ কাৰণ কি?
“বেটা” ঋষিসকলৰ শাপত পৰে এতিয়া আৰু সৰহ বেলি নাই;
অৱতাৰৰ ভাৰ মোৰেই মূৰত পৰিল দেখিছোঁ; নাইবা কাৰ গৰজ
কোনে তাক উদ্ধাৰ কৰিবলৈ এই ভূ-ভাৰতত অৱতাৰ হবলৈ গাত লব?
“
“সেৱকক যদি কৰে অপকাৰ,
ছোৱে অপযশে স্বামীক ভাৰ?”
একমূহুৰ্ত্তৰ ভিতৰতে মোৰ মনত ইমানবিলাক ফুচুং ভাবৰ খেলিমেলি লাগিল দেখি কাণ্ড টো কি, চাহ চকু-কাণৰ খৰিয়ালকে ভাঙ্গো বুলি লাহেকৈ “বাৰাণ্ডাৰ” আৰকাপোৰখন একতীয়াকৈ থৈ বিলাতী খুৰেৰে চিকুনুৱা নিকা মুখখন দীঘল নাকটোৰে সৈতে উলিয়াই দিলো। দেখো, চাৰি সিদ্ধৰ এক সিদ্ধও নাই। তেওঁবিলাকৰ বদলি ফটা চুৰিয়া পিন্ধা এটা লুৰলুৰিয়া বুঢ়া বামুণ, ফুলনি বাৰীৰ মেল খাই থকা দুৱাৰেদি সোমাই তললৈ মূৰটো গুজি মোৰ ঘৰৰ ফাললৈ আহিব লাগিছে; আৰু মহাবীৰ প্ৰসাদৰ “নিকাল যাও” “নিকাল যাওঁ” চিঞৰ, যেন বুঢ়াৰ কাণৰ বিন্ধাৰ মুখত “প্ৰবেশ-নিষেধ” লেখি আৰি দিয়া চাইন্ বোৰ্ড দেখি এটা এটাকৈ পিচহুহঁকি পৰিছে। সি যি হওক, হুকুম উলঙ্ঘনাকাৰীক বলেৰে শাসনৰ তললৈ আনিবৰ মনেৰে মহাবীৰ প্ৰসাদে, ভোবোলা ছাগলীৰ দাড়িৰ দৰে ওলোমা দীঘল দাড়ি জোকাৰি, সেই হাৰ-ছাল ওলোৱা বুঢ়াক ধৰিবলৈ শেনটো অহাদি আহিছে দেখি, মই বাহিৰলৈ ওলাই ব ৰকৈ তাৰ বেগত “ব্ৰেক” টানি দি ততা- লিকে তাক ফেঁচাৰ শাৰীলৈ “ডিগ্ৰেড্” কৰি, বুঢ়া বাপুক মাতি আনি