পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুত্ৰৱান পিতা

প্রথম অধ্যায়

 কোনো কাৰ্য্য উপলক্ষে কিছু দিন আচান্সোলত বসতি কৰিছিলো । আচান্সোল ইষ্টইণ্ডিয়া ৰেল কোম্পানীয়ে কৰা এখন চহৰ। এখন সৰু গাৱঁৰ পৰা অলপ কালৰ ভিতৰতে ই এখন মুখীয়াল চহৰৰ শাৰীলৈ আহিল। ইষ্টইণ্ডিয়া ৰেল কোম্পানীয়ে এটা তিলক বেল কৰি তুলিলে বুলিব লাগে। পৃথিবীৰ ভিতৰত যি কেইটা বিখ্যাত ইঞ্জিন চেড্ আছে, আচান্সোলৰ ইঞ্জিন চেড্ তাৰ ভিতৰৰে লেখৰ এটা। এই আচান্সোলৰ এদিনৰ এটি সামান্য ঘটনা, আজিৰ এই উপাখ্যানৰ বিষয়।

 পুৱাৰ বেলিয়ে উদয়াচলত উঠি দশ দিকপালক সেৱা জনাই, ওৰেৰাতি উজাগৰে থাকি বৰণ সলােৱা জোনক শোৱনী ঘৰলৈ যাবলৈ কৈ, জোনৰ সোণৰ ভাৰ-পাচিজোৰৰ কান্ধ-মাৰিডাল কান্ধ পাতি লৈছে মাথোন ; মইও ওফোন্দাগালী গোমােঠামুঈ টোপনিক শােৱাপাটিৰ নিহালিৰে সৈতে কাতিকৈ থৈ, প্রাতঃ কৃত্য়াদি সমাপন কৰি, চাহপানী আৰু ৰুটি মাখনৰ ভাৰৰ শিকিয়া জোৰ মােৰ বাৰেওটি কালৰ সমল আলসুৱা পেটটিৰ কোমল কান্ধত লাহেকৈ দিছোঁ মাত্র ; এনে সময়তে ঘৰৰ আগচোতালৰ ফুলনী-বাৰীৰ দুৱাৰ মুখৰ পৰা “হিয়াঁচে ৰাও” কেৰকেৰীয়া মাত মোৰ কাণত পৰিল । হঠাৎ ইমান পুৱাই মোৰ দুৱাৰৰ ওপৰত উঠি-ৰজা বহি-ৰজা দুৱৰী মহাবীৰ প্ৰসাদ ভেৱাৰীয়ে, ইন্দ্ৰৰ বজ্রক লাজ দিব পৰা কঠুৱা ডিঙিৰে কোন দুৰ্ভগীয়াক দুৱাৰ মুখৰ পৰা দূৰ হবলৈ হুকুম কৰিছে বুজিব নোৱাৰি মই পােনতে টভক্ মাৰিলো ; আৰু মনত খেলাল, ভাগৱতত লিখা তাহানিৰ