সি তেওঁৰ হাতত এডোখৰ বিহ দিলে, “এই ডোখৰ বিহ তোৰ গিৰিয়েৰৰ
খোৱা পানীত মিহলাই দি তাক মাৰ।” গিৰিহঁতনীয়ে সেই কাম কৰিবলৈ
গাত লোৱাত সি গুচি গল। মই লাহেকৈ আহি আকৌ ছালপিৰাৰ তলত
সোমালো। বৰুৱানীয়ে তেতিয়াই, বকৱাৰ মূৰ-শিতানৰ কাষত থকা পানী
লোটাত সেই বিহু ডোখৰ পেলাই দি পাটিত উঠি শুই পৰিল। মই দেখিলো
যে এই অসতী মহাপাপী তিৰোতাজনীয়ে এতিয়া নিজৰ গিৰিয়েকক বধ
কৰে; তেহেলৈ মোৰ যি হয় হওক, মই কেতিয়াও এনে কাৰ্য্য় হবলৈ
নিদিওঁ। ইয়াকে মনত থিৰাং কৰি মই ওলাই নগৈ পুৱালৈকে সেই
ছালপিৰাৰ তলতে আছিলো। আৰু ৰাতি পুৱালত বৰুৱা উঠি সেই বিহ
দিয়া পানী খাবলৈ ধৰাত এই ছালপিৰাৰ তলৰ পৰা ওলাই তেওঁক সেই
পানী খাবলৈ হাক দিছিলো। ইয়াৰ পিছত চোৰ বুলি হুৰামূৰা
লাগি পাৰিছে; আৰু আপোনাসকলেও মোক বান্ধি-ছাতি কিলাইছে।
এই কথা হয়নে নহয় এই গিৰিহঁতনিক সোধক।”
এই বৃত্তান্ত শুনি সকলো কাঁহ-পৰি-জিন গল। লোকেশ্বৰ বৰুৱাৰ চেনেহৰ ন-ঘৈণীয়েকে, চোৰে-কোৱা সকলো কথা সৈ কাঢ়িলে।
⸻⸻⸻
সামৰণি
সেই দিনৰ পৰা পশুপতিৰ স্বভাৱ গোটেই বদলি হল। গছৰ ডালত পৰি থকা এজোৰ কৰচন চৰাইৰ এটাক, ব্যাধ এটাই কঁড়িয়াই মৰা দেখি ৰত্নাকৰ যেনে অতি অদ্ভুত পৰিবৰ্ত্তন ঘটিছিল, আজিৰ এই ঘটনা দেখি পশুপতিৰ তেনে পৰিবৰ্ত্তন ঘটিছিল। শেষ কালত পশুপতি এজন জ্ঞানী ধৰমী আৰু সৎলোক বুলি খ্যাত হৈছিল।
⸻⸻