পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
 


 “চোৰে আকৌ কি কবি ? চোৰ বুলিলেই ওৰ; এই বুলি-আকৌ এজাউৰী গপ্ পপ্ কৰে কিল শোধলে। উপস্থিতসকলৰ গাৰ পৰা খংৰূপী “ষ্টাম” হাে হাে কৰে কিছুমান ওলাই গলত, “বাৰু কি কব খুজিছ ক” বুলি পশুপতিৰ ওপৰত ৰাইজৰ অনুমতি হ’ল ।

 পশুপতিয়ে কবলৈ ধৰিলে—“ৰাইজসকল। মাৰ-কিল খােৱা মােৰ অভ্যাস আছে, তাৰ নিমিত্তে মই নেকেকাওঁ। চোৰৰ বিদ্যা শিকি গুৰুলাগুৰুল কিললৈ ভয় কৰিলে কি হব ? কিন্তু আপোনাসকলে বিচাৰ কৰি মােক কিলাওক বা ফাঁচীত দিয়ে বৰশীত দিয়ে দিয়ক। মই সকলো কথা ভাঙ্গি কওঁ। গল ৰাতি মই বৰুৱাৰ ঘৰত চুৰ কৰিবলৈ আহি তেওঁৰ শোৱাছালপিৰাৰ তলত সােমাই আছিলো; বোলাে বৰুৱা-বৰুৱানীৰ টোপনি আহিলে মোৰ কায্য় সিদ্ধি কৰি গুচি যাম।”

 ৰাইজ –“পাষণ্ড!

 “গিৰিহঁত গিৰিহঁতনীৰ ভালকৈ টোপনি আহিবলৈ বাট চাই আছোঁ, ৰাতি দুপৰ হল, গিৰিহঁতৰ টোপনি আহিল, গিৰিহঁতনীৰ অহা নাই।”

 ৰাইজ - “অহাহেঁতেন হৈছিল আৰু কি ! তই মূৰতে টাঙোন। মাৰিলিহেঁতেন।”

 এনেতে দুৱাৰত তিনিটা টোকৰ পৰা শুনিলো। তাৰ পিছত দেখোন গিৰিহঁতনী লাহেকৈ উঠি বাহিৰলৈ গল। ময়ো ছালপিৰাৰ তলৰ পৰা লাহেকৈ ওলাই হাতত-সৰে ভৰিত-সাৰে পিছে পিছে গৈ, কি কথা কি বতৰা দুৱাৰ-চুকৰ পৰা লুকাই চাবলৈ ধৰিলো। গিৰিহঁতনীয়ে এটা মানুহৰ ডিঙিত সাবট মাৰি ধৰি তাৰ অহাত পলম হােৱাৰ কাৰণ সুধিলে । সি কলে “মাক এৰি তই তোৰ গিৰিয়েৰৰ সৈতে নগৰলৈ যাব খুজিছ, এনে কথা হব নােৱাৰে । যদি তই মােক ভাল পাৱ, তেন্তে তােৰ গিৰিয়েৰক আজিয়েই কাটি পেলা!” বৰুৱানীয়ে গিৰিয়েকক কাটিবলৈ অমান্তি হোৱাত