দদায়েক পদো আৰু ভতিজাক ভদো
গুৱাহাটীৰ পৰা বেঙা মেলি ধুবুৰী (অপঠনীয়) মোৰ বঙহৰে পদো শইকীয়াৰ ঘৰত আলহী ৰলো। উজনীৰ বঙহৰ বৰ লৰা আহিছে, এই বুলি শইকীয়া শইকীয়ানী আৰু পুতেক ডেকা শইকীয়াৰ নথৈ ৰং। আদৰ সাদৰেৰে শইকীয়া-পৰিবাৰে মোক পুতি পেলালে।
সন্ধ্যা লাগি ভগাৰ পিচত, শইকীয়াই মোক সুকীয়াকৈ এখোটালিলৈ মাতি নি বহুৱাই এটুপি ফটিকা উলিয়াই অভ্যৰ্থনা কৰি কলে, “বোপা, তই মোৰ উজনিৰ বঙহৰ লৰা। কতকাল তহঁতৰে সৈতে মই আতৰা আতৰি হৈ আছোঁ। তোক কি দিম, কি খুৱাম, মোৰ আছে কি? এটোপা ফটিকাকে খা মোৰ বোপাই। মোৰ ঘৰত কিন্তু মদ, ভাং কানি আদি সাত সুৰাৰ এক সুৰাও নচলে। বিশেষকৈ, মোৰ ঘৰৰ ঘৈণী আৰু পো এই বিষয়ত বৰ কটকটীয়া। সিহঁতে মোৰ ঘৰৰ চাৰি বেৰৰ ভিতৰলৈ ৰাগী লগা বস্তু সুমাব নিদিয়ে। মই বুঢ়া মানুহ লুকাই-চুৰকৈ এটোপা আদটোপা কোনোবা কাচিৎ খাও। খালে গাটো অলপ ভাল পাও,' এমুঠি ভাত খাব পাৰে।” ইত্যাদি।
এই পাতনিৰ পিচত একোটোপা ফটিকা খাই আনন্দ কৰি মই সেই খোটালিৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ, এনেতে শইকীয়ানী আহি চকুৰ ঠাৰ দি তেওঁ থকা ভিতৰ ঘৰৰ এখোটালিলৈ মোক মাতি নি বহুৱাই, তামোল ছালিৰ বটা উলিয়াই কিছুমান পৰ কথা-বাৰ্তা পাতি কলে, ‘বোপাই, তই আমাৰ উজনিৰ বঙহৰ লৰা; কতকাল তহঁতৰে সৈতে আমাৰ দেখাশুনা নাই; তোক কি দিম, কি খুৱাম, আমি দুখীয়া মানুহ, আমাৰ আছে কি? এটুপি সাঁচতীয়া ফটিকা আছে, তাকে দিওঁ খাঁ মোৰ বোপাই! (অপঠনীয়) ঘৰত কিন্তু এনেবিলাক বস্তু নচলে। আমাৰ ত'ত আৰু পোৱে