পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

কয়েক পদো আৰু ভতিজাক ভদে। গুৱাহাটীৰ পৰা বেঙা মেলি ধুখতে: মাৰ বঙহৰে পদে। শইকীয়াৰ বৰত আলহী ৰলো। উজনীৰ বঙহৰ বৰ লৰা আহিছে, এই বুলি শইকীয়া শইকীয়ানী আৰু পুতেক ডেক। শইকীয়াৰ নথৈ বং! আদৰ সাদৰেৰে শইকীয়া-পৰিবাৰে মোক পুতি পেলালে। সন্ধ্যা লাগি ভগাৰ পিচত, শইকীয়াই মোক সুকীয়াকৈ এখোটালিলৈ মাতি নি বহুৱাই এটুপি ফটিক। উলিয়াই অভ্যৰ্থনা কৰি কলে, “বোপা, তই মোৰ উজনিৰ বঙহৰ লৰা। কতকাল তহঁতৰে সৈতে মই অতৰা আতৰি হৈ আছে। তোক কি দিম, কি খুৱাম, মোৰ আছে কি? এটোপা ফটিকাকে খা মোৰ বোপাই। মোৰ ঘৰত কিন্তু মদ, ভাং কানি আদি সাত সুৰাৰ এক সুৰাও নচলে। বিশেষকৈ, মোৰ ঘৰৰ ঘৈণী আক পো এই বিষয়ত বৰ কটকটীয়া 1 সিহঁতে মোৰ ঘৰৰ চাৰি বেৰৰ ভিতৰলৈ ৰাগী লগা বস্তু সুমাৰ নিদিয়ে। মই বুঢ়া মানুহ লুকাই- চুৰকৈ এটোপা আদটোপ। কোনোবা কাচিৎ খাও। খালে গাটো অলপ ভাল পাও,' এমুঠি ভাত খাব পাৰে।” ইত্যাদি। এই পাতনিৰ পিচত একোটোপ। ফটিকা খাই আনন্দ কৰি মই সেই খোটালিৰ পৰা বাহিৰলৈ ওলাই আহিছে, এনেতে শইকীয়ানী আহি চৰ ঠাৰ দি তেওঁ থকা ভিতৰ ঘৰৰ এখোটালিলৈ মোক মাতি নি বহুৱাই, তা " ছালিৰ বটা উলিয়াই কিছুমান পৰ কথা-বাৰ্তা পাতি কলে, ‘বোপাই, তই আমাৰ উজনিৰ বঙহৰ লৰা; কতকাল তহঁতৰে সৈছ আমাৰ দেখাশুনা নাই; তোক কি দিম, কি খুৱাম, আমি দুখীয়া মা, আমাৰ স্ট কি? এটুপি সঁচতীয়া ফটিকা আছে, তাকে দিওঁ খাঁ মোৰ বোপাই! ৰং কিন্তু এনেবিলাক বস্তু নচলে। আমাৰ তত আৰু পোব

?