‘নেপাম তো। অভিধানৰ পাতত নো অসমীয়া জাতিটো আছে বুলি
তোমাক কোনে কলে? পৰ্বতত নো তুমি কাছকণী বিচাৰা কিয়?
তুমি কানি খোৱাঁ, ভাই তাৰি মহা খোৱা, নহলে তোমাৰ বুধিৰ
চোক নোলায়, এই আমুকাৰ নিৰহ-নিপানী পৰামৰ্শ।
‘অসমীয়া ভাখাৰ আকৌ উন্নতি কি? অসমীয়া ভাখাৰে তুমিও কথা। কৈছা, ময়ো কৈছোঁ, মোৰ নাতি লৰাপোৱালী ফেৰাইও কৈছে। উন্নতি নহলে আমাৰ তিনিউৰো কথা কোৱাত কিবা ব্যাঘাট হবনে? অসমীয়া ভাখাৰ উন্নতি হলে, আনৰ লাভ লোকচান যেই কিবা নহওক, আমুকাই কিন্তু বান প্ৰস্থী হব লাগিব। কাৰণ এই উন্নতি নোহোৱা অৱস্থাতে তাক শ্ৰীযুত বুঢ়াৰ শ্ৰীমতী বুঢ়ীয়ে শ্ৰীযুত বুঢ়াৰ ওপৰত যেনেকৈ ব্যৱহাৰ কৰে, তাৰ আকৌ উন্নতি হলে শ্ৰীযুত বুঢ়াই বনলৈ নপলাই আৰু কৰিব কি?
মোৰ মতে, অসমীয়া ভাখা শাণ আৰু অসমীয়া ঘৈণীবিলাকৰ জিভা শণোৱা খুৰ। শাণ যিমান ভাল হব, খুৰৰ চোক সিমান ওলাব। মই কও, অসমীয়া ভাখাৰ উন্নতি মতা মানুহৰ দ্বাৰাই কেতিয়াও নহয়, সি তিৰোতাৰ দ্বাৰাই হে হব। আৰু তত দিনে আমুকাই ঘৰ এৰি পলাব লাগিব আৰু তাৰ নিমিত্তে তেওঁ প্ৰস্তুত আছেও।