পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আমাৰ কানীয়া সভাৰ এক অধিবেশন


গীত *

“অহং-একতাল!”
উঠা একেচিপে অসমীয়া ভাই।
বান্ধা কঁকালত টঙ্গালি অটি!
লোৱা বীৰ সাজ,- দিয়া দলিয়াই,
কেচুৱা লৰাৰ ঘাগৰি গতি।
ৰণ-ধ্বজা ধৰি বল আগুৱাই,
তেজাল খোজত কঁপোক মাটি।
জানি লোৱা ভাই এৰিবৰ হল,
গুণা খনিয়াৰ লাহৰী ছাটি।
উঠি কাম কৰা, এৰি দিয়া তুমি!
জুহাল-গুৰিৰ কলা ঘুমটি।
ইমানতে ভাই চোৱা চকু মেলি,
কানি ধোৱাঁখোৱা পেলোৱা কাটি।
সুৱঁৰি তোমাৰ এনুৱা বিলাই,
যাব খোজে হায় বুকু যে ফাটি।
পেলোৱাঁ এছাৰ মাৰি সৰপালি।
নেথাকিবা আক হাত সাবটি?
সকলোৱে কাম কৰা এক মনে,
পুৱাব তেতিয়া দুখৰ ৰাতি
নহলে নিশ্চয় অভিধান মেলি।
নেপাবা আৰু অসমীয়া জাতি।”

 "কিন্তু কত মহাপুৰুষ গুৰুজনে ভণা ‘ৰামক গোসাঁই কৰোহোঁ গোহাৰি’ বৰগীত দেথি আনন্দ লভি চকুৰ লোৰে তিতি-বুৰি যাম, দেখোন খালত