পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
আমাৰ কানীয়া সভাৰ এক অধিবেশন


হয়; আমিও অ, আ, ই, ঈ, সভা কৰোঁহঁক; আমিও “সিদ্ধি-বস্তু অ-আ, ই, ঈ,” পঢ়োঁহঁক। এইটো তেওঁলোকে পাহৰে যে অসমীয়া-ভাষাটো আমি কানীয়া ভকতসকলৰো বাপতিসাহোন, তেওঁলোকৰ অকলশৰীয়া বেহানি নহয়; অৰ্থাৎ আমাৰ সভাৰ এজন সভ্যই কোৱাৰ নিচিনা, তেওঁলোকৰ কাৰবাৰ যৌতুকত পোৱা সমল নহয়। সিদিনা আমাৰ সভাৰ এক বৈঠকত, দ কচি কানি-টকিৰা পোৰাৰ পিছত আমাৰ এজন বুঢ়া সভ্যই এখন ৰচনা বা বৰ্ণনা পাঠ কৰি তেওঁলোকৰ জোনাকীৰ সম্বন্ধে কেনে মন্তব্য প্ৰকাশ কৰিছিল, তাক অলপো লৰচৰ নকৰাকৈ তলত তুলি দিলো।
 “হবাপতি আৰু হইব মন্দোদৰ ককাইহঁত শুনিবাহঁক”-
 “মই আজি আমাৰ অসমীয়া ভাখা ভাল কৰিবৰ মনেৰে বুকৃতা গাবলৈ উঠিছোঁ। জয়জয়তে কোৱা ভাল, মোৰ নাও, মনু হাজতোলা। মই দিহিঙৰ ধানৰ গোখাই পৰভু ঈস্পৰ ভিতৰুৱাল হিচ। মই শিৰফুটা মাতঃবৰ লোকৰ ঘৰৰ লৰা। মোৰ ঘৰ ক’ত, মই আজিৰ এই হবাত নকও। তাৰ কাৰণ হুদিলে, ইয়াকে অলপ-অচৰপ আপোনাহকলৰ কাণ চুৱাই থব লাগিব যে, পুলিচ বোলা সেই গৰিহা খোৱাবিলাকেৰে সৈতে মোৰ এচিকটামান আখেজা আখেজি আছে?”
 এজন সভ্য-“কওক ককাই আপোনাৰ ঘৰ ক’ত কওক?”
 “নকও” মোৰ ঘৰ যতে বা নহওক তোৰ কি? তই তাতে লাগিবগৈ খুজিছ নে? পুলিচ তোৰ দদায়েৰ নে কি?”
 সভাপতি-সাজতোলা ককাই, আপুনি বক্তৃতা কৰক, লৰা মানুহৰ কথাত নেলাগিব।
 “হবাপতিয়ে কৈছা যেতিয়া নেলাগো বাৰু। শুনা। আমি কানি খাই এলা হলো বুলি অসমীয়া ভাখাৰ গোন্ধ নেপাও এনে নহয়। অসমীয়া