পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আমাৰ কানীয়া সভাৰ এক অধিবেশন


 আমাৰ গুৱাহটীয়া কানীয়াভকতৰ সভাই যে, কেৱল মহাৰাণীলৈ আৰ্জি পঠিয়াই, আৰু ৰাজনীতিৰ ওপৰত বক্তৃতাৰ হেন্দোলনী লগাই বহি থাকে এনে নেভাবিবা; আমাৰ সভ্যই দুখীৰ দুখী অৱস্থাৰে ভাষাৰো উন্নতি কৰে। আমাৰ সভাৰ এক অধিবেশনৰ বিবৰণ প্ৰকাশ কৰিবৰ মন কৰি আজি ৰাইজৰ আগত আঠু ললো। আমাৰ তৰপৰ মানুহক আজি কালিৰ ইংৰাজী লিখা-পঢ়া শিকা তৰপে, বিশেষকৈ সেই তৰপৰ ভিতৰত, দাড়ি-গোফ-ঠুতিৱা সকলে ফু-মাৰি উৰাব খোজে। তাৰ কাৰণ তেওঁলোকে ভেমত ওফন্দি গপত উখহি আমাক বুজিবলৈ চেষ্টা নকৰি, আমি কি কৰোঁ তাৰ ভু লবলৈ কাৰ- বাৰ নকৰি, দূৰতে নাক কোঁচাই চেইচেই কৰে। আগৰ বুঢ়া তৰপৰ ভিতৰত কিন্তু আমাৰ এনে অনাদৰ নাছিল। দেহি ঐ। সেই কাল কলৈ গল। বুঢ়াসকলে কানি আৰু কানীয়া ভকতসকল কি বস্তু সুন্দৰকৈ বুজিছিল। গতিকে, তেতিয়া আমাৰ আগ ভাগ, বৰ চৰু, বৰ মিথৈ ধৰা বন্ধা আছিল। শিক্ষিত ডেকাসকলে, অৰ্থাৎ “ইস্‌কুল” “কলেজত” পঢ়া চেঙলীয়া; তৰপৰ ডেকাসকলে, অৰ্থাৎ আমাৰ মতে দুধ-কণ্ঠ বালক সকলে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ উঠি পৰি লাগিছে বুলি ঢাক-ঢোল বজাই ফুৰিছে। তেওঁলোকে ঢোলত চেও দি দি কি ভাষাৰ উন্নতি কৰিছে, তেওঁলোকে আৰু হৰি ভগবন্তই হে জানে, আমি হলে কব নোৱাৰে। জোনাকী নে কি এখন কাকত উলিয়াই, অ, ভা, উ, সা, সভা পাতি তেওঁলোকে কলিকতাৰ পৰা ডিব্ৰুলৈকে হেন্দোল্‌ দোপ লগাইছে; যেন তেওঁলোকৰ বৰ পুতেকৰ সাদিনীয়াকৈ পতা বৰ বিয়াখন হে । তেঁওলোকে ভু নেপায় যে আমি কানীয়া সভাৰ সভ্যসকলো হাত সাবটি বহি থকা নাই । আমাৰ সভাতো ৰাজনৈতিক আন্দোলনৰ দৰে ভাষাৰ আলোড়ন