পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯১
আৰ্জি


 এই কথা শুনি সকলো সভাই একে বেলিয়েই কবলৈ ধৰিলে, যে সঁচা কথা, আমি কেওঁ পানীত নামিবলৈ সাহ কৰিব নোৱাৰোঁ। শত্ৰুহঁত ৰাতি শুই থকা খোটালিত একোবাহ বৰল বা টেকেলীয়া কোঁদো মনে মনে এৰি দিয়া যাওক। বৰল কোঁদোৱে খাই সিহঁতৰ দিহা লগালে সিহঁত সাক্ষী কলৈ যোৱাটো হৈছে।”
 বৰল বা কোঁদো কোনে ধৰিবলৈ যাব, আৰু ধৰাক সেই বৰল কেঁদোৱে নেকামুৰিবৰ কাৰণ কি, এই কথা উঠিলত এই প্ৰস্তাৰ নামঞ্জৰ হল। আন একো সুবিধাজনক উপায় সেই দিনা সমজুৱা সকলে উলিয়া নোৱাৰাত আৰু আন এদিনৰ সভালৈ প্ৰশ্ন স্থগিত ৰাখি সভা ভঙ্গ হল।