কাঁইট কেইটা উভালি নেপেলালে নহয়।এতেকে ইহঁতক কি কৰা
যাব তাৰ এটা বন্দবস্ত হওক।”
৭ম জন-“ইহঁত কিবা বোলেনে আমাৰ দেখৰ হত্ৰু। হত্ৰু
নিপাত কৰা হাস্ত্ৰৰ মত। এতেকে আমি ইহঁতক কানিৰ বিপক্ষে
হাখী কবলৈ যোৱাৰ আগেয়ে বধিবৰ পস্তাপ কৰোঁ।”
৯ম জন—“কেনেকৈ বধিবা? সিহঁত কিবা মাছ নে যে হিজাই.
সাই থবা? নাইবা সিহঁত সেৰ নে সৰি, যে জুই লগাই ছাই হোপা
কৰিবা?”
সভাপতি—“এই প্ৰস্তাবত সমজুৱাসকলৰ যাৰ যাৰ মত তেওঁলোকে
হাত তোলক।”
সকলোৱে হাত দাঙিলত এই প্ৰস্তাৱ মঞ্জৰ হল। এনেতে সভাপতিয়ে
মাত লগালে, “শত্ৰুক বধিবৰটো মত স্থিৰ হল, কিন্তু কি উপায়ে কেনেকৈ
সেই কাৰ্য্য সাধন কৰা হব, তাৰ এটা নিশ্চয় হওক।”
১০ম জন -- "অৱশ্যে দাৰে কুবিয়াই বা টাঙোনেৰে টানিয়াই
আমি সিহঁতক বধিব নোৱাৰোঁ। তেনে কৰিবলৈ গলে কুম্পানীৰ
ঘৰৰ পৰা আমাক ধৰি নি ফাঁচী দিব। এনেকুৱাকৈ সেই কাৰ্য্য সাধন
কৰিব লাগিব যেন কোনেও আমাক ধৰিব ছুব নোৱাৰে। মই প্ৰস্তাব
কৰোঁ, ডাঙৰ ম'হ জোক আনি, সিহঁত শুই থাকেঁতে ৰাতি গাই
পতি দহোটা পোন্ধৰটাকৈ সিহঁতৰ গাত লগাই দিয়া যাওক। জোকে
তেজ খাই টোপনিতে সিহঁতক মাৰি থব।”
৭ম জন - “পস্তাপটো কিবাবোলেনে ঠিক ওলাইছে; কিন্তু পানীত
নামি ম'হ জোক ধৰি আনিব কোনে? মোক হলে ককাইহঁত, তহঁতে
কাটি ছোৱা ছোৱা কৰিলেও মই পানীত নামিব নোৱাৰোঁ।
কথা কবলৈ লাজ কি, নিতৌ তেল ঘঁহি কিবাবোলেনে গামোচা
চুৰিয়া লৈ মই গা-ধুবলৈ গৈ নৈৰ পাৰত কিছুমান বেলি বহি থাকি
উভতি গুচি আহোঁ, গাত পানী লগাবলৈ সাহ নহয়।”
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
সাধু-কথাৰ কুকি