পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
সাধু-কথাৰ কুকি


মলুকত দহ চাৰিৰ লগতে এচমকা ঠাই দি ৰখা যাব নে, নাই, ভেটি-মাটি উছন কৰি তাক কলিয়াপানীত মেলি দি অহা যাব? আমাৰ অসমৰ পৰাও হেনো কলিকতাৰ ঘাই সভালৈ সাক্ষী কবলৈ বৰুৱা ফুকন সকলক চমন দি “গিলিপ দাৰ” কৰি লৈ যাবৰ কাৰবাৰ হৈছে। দেশত মানুহ দুদল হৈছে, এদল কানিৰ পক্ষে, এদল বিপক্ষে।
 এই বাতৰি যিদিনা আমাৰ উজনি-বজাৰৰ কানি-খোলা পালেহি, আমাৰ সমজুৱাসকলৰ ভিতৰত হুলস্থুল লাগি পৰিল। আমি লৰালৰিকৈ কাউঞ্চিল অব ওৱাৰ (Council of war } আহ্বান কৰি মেলত বহিলো। শনিবাৰে সন্ধ্যা বেলিকা আমি বাৰজন সমজুৱা কানি খোলাত গোট খালো। সৰ্ব্বসম্মতিক্ৰমে মই সভাপতি বৰিত হলো। সভাপতিৰ আসন গ্ৰহণ কৰি মেঘৰ গম্ভীৰ ধ্বনিৰে আৰম্ভ কৰিলো-
 সমজুৱা ককাইহঁত! আজি মোক আপোনাসকলে সভাপতি পাতি যি সম্মান প্ৰদান কৰিছে তাৰ ধাৰ মই এই জনমত সুজিব নোৱাৰো। আপোনাসকলে অৱশ্যে শুনিছে, আমাৰ দেশৰ পৰা কানিৰ খোলা তুলি দিবলৈ মহাৰাণীয়ে বিলাতৰ পৰা কটকী পঠিয়াইছে।”
 সকলোৱে-“শুনিছোহঁক।”
 সভাপতি -এৰা, বেজাইৰ বাতৰি শুনোতে পলম নেলাগে।তেন্তে এতিয়া আমাৰ কি কৰ্তব্য? কানি আমাৰ বাপতিসাহোন। ই এদিনীয়া বস্তু নহয়। আমাৰ মুখৰ টোপ মহাৰাণীয়ে কি বুলি কাঢ়ি নিব খুজিছে? আমাৰ দেহ-লাও, সাদৰৰ বস্তু, দুখ সুখৰ লগৰীয়া, বুকুৰ বান্ধ কানিক ভাৰতেশ্বৰীয়ে কোন “চবাবত" আমাৰ বুকুৰ পৰা কাঢ়ি নিবলৈ ফাং পাতিছে? এই পৃথিৱীত লৰা-তিৰোতাৰ বিচ্ছেদ, আই বোপাইৰ হানি, সদায় সহিব পাৰি, কিন্তু কানিৰ বিচ্ছেদ এদিনলৈ সহিব নোৱাৰি!
 সকলোৱে—“নোৱাৰি! নোৱাৰি। সভাপতি ককাই নোৱাৰি দেওহে!