পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
আৰ্জি


ৰাতি পুৱাল। চৰাই-চিৰিকতিয়ে গছৰ ডালত বহি বৰগীত গাব লাগিছে। কাষতে তেলিৰ নাও এখনৰ পৰা শুৱালকুচীয়া এজনে “উঠৰে উঠ বাপু, গোপাল হে নিশি পৰভাত ভেল” এই বৰগীত ৰাগত দিছে; আৰু মই জাহাজ ঘাটৰ কাষতে বৰগছ এজোপাৰ তলতে শয়ন সুখ লভিছোঁ, এনে স্থলত লাহেকৈ উঠি মনে মনে নগৰৰ ভিতৰ সোমোৱাটোকে বুদ্ধিমানৰ কাম ঠাৱৰালো। পৰমেশ্বৰৰ পৰম কৃপা, যে গুৱাহাটীৰ পুলিচৰ কনিষ্টবল সকল মোৰে সৈতে একে গুৰু-ঘৰৰ ভকত। নতুবা তেওঁলোকে মোক ৰাতি কোলাকৈ গছৰ তলৰ পৰা লৈ গৈ চৰকাৰী ছালপীৰাত শুৱাই থবৰ একো কাৰণ নাছিল। সেইদিনাৰ ভিতৰতে মই থকাৰ দিহাপোহা কৰি ললো । মানুহ- দুনুহেৰে মোৰ মিত্ৰতা হল। লগৰীয়া পালো । আৰু গুৱাহাটীয়া কানি ভাঙৰ খোলাত মই এটা আকোঁৱালে-নোপোৱা মানুহ হৈ পৰিলো। ঠিক যেন মোৰ অভাৱটো গুৱাহাটীয়ে অনুভব কৰি শোকাকুল হৈ আছিল, সেই অভাৱ আজি পূৰ হৈ গুৱাহাটী মুখচন্দ্ৰ উজ্জ্বল হল। ঠিক যেন গুৱাহাটীৰ নামঘৰৰ বৰখুটা এটাই বগা ঠঙা এখন কাষতে পাৰি থৈ, খালি হিয়া শূন্য প্ৰাণ লৈ, মিলাৰাম মেধিলৈ বাট চাই আছিল, “মেধি কুকুৰে নিলে খেদি,” এই বচন অনুসৰি আজি মেধিক, ওপৰত কোৱা পব্বৰ্ত কুকুৰে খেদি নি নামঘৰৰ ভিতৰত এৰাত, তেওঁ সেই বগা ঠঙাত থপৰ কৰে বহি, সেই বিৰহিনী বৰখুটাত আউজি পৰাত যেন বৰখুটাৰ বৰ প্ৰাণ শীতল হল, বৰ সবাহৰ বৰ বৰ তেল-বন্তি ঘিউ, বন্তিবোৰ জ্বলি উঠিল, আৰু বৰ নামঘৰ বৰ শুৱনী হৈ উঠিল।
 গুৱাহাটী চহৰ তোলপাৰ লাগিছে। মহাৰাণীয়ে হেনো মানুহ পঠিয়াই ভু লোৱাইছে, আমাৰ দেশত কানীয়া মানুহ কিমান আছে? আৰু কানি খোৱাটো ৰখা উচিত, নে উঠাই দিয়া উচিত? কলিকতাত হেনো ঘাই সভা বহি সাক্ষী-বাদী তলব কৰি তদন্ত কৰিছে, যে কানিক মহাৰাণীৰ