প্ৰমাণ কবিবৰ ভাৰ ব্যাস বাল্মিকীৰ গাত। আমাৰ গুৱাহাটীৰ
পৰ্বত-পোৱালি কেইটাক তেওঁ বিচাৰি নেপাইছিল নে কি? ইহঁতে
দেখেন এই কলিযুগতে উৰি ভদ্ৰলোকক খুটিয়াবলৈ আহে।
সেই কালত ইহঁত কণী অৱস্থাত মাকৰ উমনিত আছিল, নহয়
ইহঁতৰ তেতিয়া কাঁড়পাখি গজা নাছিল; নতুবা ইহঁত পুৰনৰ
বড়ুৰ হাত সাৰিব পৰাটো অসম্ভব। শাস্ত্ৰ পুৰাণৰ কথা দূৰত
থাকক সম্প্ৰতি যে, অভিমন্যুক সপ্তৰথীয়ে বেৰী ধৰাদি, সাত ফালৰ
পৰা সাতোটা পৰ্ব্বতে, অস্ত্ৰ-শস্ত্ৰ আৰু বাহন শূন্য এক মিলাৰাম
বৰমেধি মহাৰথীক বেৰি খোদ আহিছে, ইয়াৰ কি হব? ন্যায়বান
ঈশ্বৰৰ ৰাজ্যত এনে অন্যায় যুজ দেখিলে ভূমি ছুই কৰ্ণত হাত
দিব লগীয়া! গুৱাহাটীত আজিও নৰকাসুৰৰ গৱৰ্ণমেন্ট আছে নে
কি? “কাপুৰুষহঁত! কানীয়া টোপনি গধুৰহঁত। কুকুৰ
ধূলিহঁত! তহঁতৰ গাত যদি সঁচাকৈৰে বীৰ পুৰুষৰ তেজ আছে
তেন্তে এটাইকেইটাই একেবোলয়েই এই নিবস্ত্ৰ নিৰ্ব্বাহন বীৰ
পুৰুষক আক্ৰমণ নকৰিবি। এটা এটাকৈ আহ, ন্যায় ৰণ দে,
তহঁতৰ সৈতে যুজি চাওঁ। ন্যায় যুদ্ধত সমুখ সমৰত মৰিয়াই তঁহতৰ ককাল ভাঙ্গি পেলাই ঘৰলৈ মোৰ এই ধোৱাঁখোৱাটোৱেই
যথেষ্ট; আৰু মোৰ এই গাঁঠিৰ কটাৰীৰেই, ইন্দ্ৰৰ বজ্ৰই বাকী
এৰা বা বিচাৰি নোপোৱা পাখিকেইটা কাটি থবলৈ মই গাত
লৈছো।” এই বুলি মুখেৰে ভাবুকি দি, পেটেৰে ত্ৰাহি মধুসূদনক
মাতি থপৰ্ কৰে বহি পৰিলো। চিলনী বনোৱা দি মোৰ মূৰৰ
ওপৰত পৰ্ব্বত কেইটাই পাখি মেলি বনাবলৈ ধৰিলে। আকৌ
এবাৰ গোবৰ্দ্ধনধাৰীক কাতৰ কণ্ঠেৰে মাতিলো। কাতৰ প্ৰাণৰ কান্দোন তেওঁৰ কাণত পৰিল, মুহূৰ্ত্ততে পৰ্ব্বত কেইটা পৰ্ব্বত গুচি
জুইৰ অঙনি হল; তৎক্ষণাৎ জুইৰ আঙনি গুচি একোপাহ ফুল
হল, আৰু মই চকু মুদিলো!
চকু মেল খালে। কিন্তু কেই ঘণ্টাৰ মূৰত নেজানো। দেখিলো
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
সাধু-কথাৰ কুকি